ডিজিটেল ডেস্কঃ ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট পিতৃ-মাতৃ হৈছে৷ এয়া তাৰকা দুগৰাকীৰ অনুৰাগীৰ বাবে এক ডাঙৰ আৰু আনন্দৰ খবৰ আছিল৷ বিয়াৰ কেইমাহমানৰ ভিতৰতে তেওঁলোকে পিতৃ-মাতৃ হোৱাৰ শুভবাৰ্ত্তাও দিছিল। আলিয়াই এটা কন্যা সন্তান জন্ম দিছিল। তেওঁলোকে তেওঁলোকৰ কন্যাৰ নাম ৰাখিছে ৰাহা কাপুৰ ।
আলিয়া যোৱা নৱেম্বৰ মাহত মাতৃ হৈছিল। অভিনেত্ৰীগৰাকীয়ে এতিয়ালৈকে তেওঁৰ কন্যাৰ কোনো ফটো ৰজহুৱা কৰা নাই। আলিয়াই এতিয়ালৈকে তেওঁৰ কন্যাৰ মুখ খন কতোৱেই দেখুওৱা নাই। ইয়াৰ মাজতে এখন ছবি ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ছবি খনত দেখা গৈছে যে অভিনেত্ৰীগৰাকীয়ে এটা কেঁচুৱাক স্তন্যপান কৰোৱাই আছে।
ছ'চিয়েল মিডিয়াত ভাইৰেল ছবিখনকলৈ বহুতে আনন্দ প্ৰকাশ কৰিছে৷ কিয়নো আলিয়াৰ কন্যাৰ ছবি এবাৰেই প্ৰথম প্ৰকাশ পাইছে৷ কিন্তু শেহতীয়াকৈ আলিয়াৰ ঘনিষ্ঠমহলে কৈছে যে অভিনেত্ৰীগৰাকীয়ে কেঁচুৱাক স্তন্যপান কৰোৱাৰ কোনো ছবি শ্বেয়াৰ কৰা নাই। ছবিখনত অভিনেত্ৰীগৰাকীৰ মুখখন সম্পাদনা কৰি লগাই দিয়া হৈছে। সেই সম্পাদিত ছবিখনেই ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে।
ইয়াৰ আগতে চৰ্চা চলিছিল যে কাপুৰ পৰিয়ালৰ খ্ৰীষ্টমাছৰ মধ্যাহ্নভোজনৰ অনুষ্ঠানত কন্যা ৰাহা কাপুৰ প্ৰথমবাৰৰ বাবে ৰাজহুৱাকৈ আত্মপ্ৰকাশ কৰিব৷ প্ৰতি বছৰে এই সময়ত গোটেই কাপুৰ পৰিয়ালে একেলগ হৈ এসাজ খায়৷ এনে সময়তে ভাইৰেল হৈ পৰা ছবি খনে বহুতৰে বাবে আলোচনাৰ বিষয় হৈ পৰিছে৷
Leave A Comment