ডিজিটেল ডেস্কঃচৰ্বিৰ সমস্যা বহুতৰে হয়। তেনে সমস্যাতেই ভুগিছে বলীউডৰ অভিনেত্ৰী আলিয়া ভাটেও। অৱশ্যে আলিয়াৰ চৰ্বিৰ সমস্যাৰ কাৰণ অন্য। আলিয়া ভাট নৱেম্বৰত মাতৃ হৈছে। এটি কন্যা সন্তানৰ জন্ম দিয়া আলিয়াই এতিয়া গৰ্ভধাৰণৰ পিছত হোৱা চৰ্বিৰ সমস্যাত ভুগিছে। সেই চৰ্বি হ্ৰাস কৰিবলৈ অভিনেত্ৰীগৰাকীয়ে যোগাভ্যাস কৰিবলৈ লৈছে। তেনে এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
দেহৰ চৰ্বি নোহোৱা কৰি আলিয়াই কামলৈ উভতি যাবলৈ নিজকে প্ৰস্তুত কৰি আছে। বেবী ৰাহাৰ যত্ন লোৱাৰ উপৰি তেওঁ ব্যায়াম কৰা আৰম্ভ কৰিছে। আলিয়া সদায় এগৰাকী যোগ প্ৰিয় নাৰী । গৰ্ভধাৰণৰ পিছত চৰ্বি হ্ৰাস কৰিবলৈ আলিয়াই যেনে ধৰণে যোগাসন কৰিছে সেয়া দেখিলে হয়তো আপুনিও অবাক হৈ পৰিব।
শেহতীয়াকৈ ভাইৰেল হোৱা আলিয়াৰ ভিডিঅ'টোত আলিয়াক মূৰ তললৈ আৰু ভৰি ওপৰলৈ কৰি ওলমি থকা দেখা গৈছে। এনে যোগাসন কৰিলে পেটৰ চৰ্বি সহজে দূৰ হয় বুলি আলিয়াই কৈছে। তেওঁ অভিজ্ঞ প্ৰশিক্ষকৰ তত্বাবধানত এনে যোগাসন কৰিছে।
আলিয়াক পৰৱৰ্তী সময়ত ৰণবীৰ সিঙৰ সৈতে 'ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী'ত দেখা যাব। চিনেমাখনৰ বহু খিনি দৃশ্যগ্ৰহণ কৰা হৈছে, কেৱল এটা গানৰ কামহে কৰিবলৈ বাকী আছে।
Leave A Comment