• 'আমাক পুষ্পা-২ লাগে!'' পুষ্পাৰ চিকুৱেল নিৰ্মাণৰ দাবীত একাধিক স্থানত সমদল উলিয়ালে অনুৰাগীসকলে

    মনোৰঞ্জন
    'আমাক পুষ্পা-২ লাগে!'' পুষ্পাৰ চিকুৱেল নিৰ্মাণৰ দাবীত একাধিক স্থানত সমদল উলিয়ালে অনুৰাগীসকলে
    ডিজিটেল ডেস্কঃ 'পুষ্পা টু’ৰ দাবীত ৰাজপথত মিচিল উলিয়ালে চিনেমাখনৰ অনুৰাগীসকল। ভিন্ন ঠাইত দেখিবলৈ পোৱা এই আজৱ সমদলসমূহত এটাই দাবী উঠিছে যে পুষ্পা-টুৰ কেতিয়া দৰ্শকে চাবলৈ পাব? আল্লু অৰ্জুনক আকৌ কেতিয়ালৈ পুষ্পাৰ ৰূপত দেখা পোৱা যাব?

    সমদলৰ সমগ্ৰ দৃশ্যসমূহ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। পুষ্পা চিনেমাখনৰ নিৰ্মাতাসকলো হতবাক হৈ পৰিছে।

    উল্লেখ্য যে যোৱা বৰ্ষত আল্লু অৰ্জুন অভিনীত পুষ্পা ছৱিখনে আলোড়ণৰ সৃষ্টি কৰিছিল। দেশজুৰি অনুৰাগীসকলে পষ্পাৰ সংলাপ গাইছিল- 'পুষ্পা ৰাজ ঝুঁকেগা নেহী!’’ পুষ্পাৰ নৃত্যশৈলীসমূহেও ধুমুহাৰ সৃষ্টি কৰিছিল।

    পুষ্পাৰ অনুৰাগীসকলে সেয়ে আশা কৰিছে যে চিনেমাখনৰ দ্বিতীয় ভাগো সোনকালেই মুক্তি দিব লাগে। জানিব পৰামতে, শীঘ্ৰেই পুষ্পা-২ৰ কামত ব্যস্ত হৈ পৰিব চিনেমাখনৰ দলটো।

    পুষ্পা-২ত কিছু সলনা-সলনি ঘটোৱা হ’ব বুলিও জানিব পৰা গৈছে। পৰিচালক সুকুমাৰে জনাইছে যে পু্ষ্পাক যিধৰণে দেশবাসীয়ে আদৰি লৈছিল, সেইদৰে ইয়াৰ চিকুৱেলকো আদৰি ল’ব বুলি তেওঁ বিশ্বাসী। আনহাতে, ছৱিৰ নায়ক আল্লু অৰ্জুনৰ লুক লৈও নতুন চিন্তা কৰা হৈছে বুলি জানিব পৰা গৈছে।