ডিজিটেল ডেস্কঃপুনৰ দ্বিতীয়বাৰৰ বাবে কোভিডত আক্ৰান্ত হ’ল বিগ বি অমিতাভ বচ্চন।অভিনেতাগৰাকীয়ে তেওঁৰ টুইটাৰত এই কথা প্ৰকাশ কৰিছে। অৱশ্যে, তেওঁ ঘৰত বিচ্ছিন্ন হৈ আছে নে চিকিৎসালয়ত ভৰ্তি হৈছে সেই বিষয়ে কোনো কথা প্ৰকাশ নাই।
যোৱা নিশা বিগ বিয়ে টুইটাৰত লিখিছিল, "মই কৰোনা পৰীক্ষা কৰিছো। প্ৰতিবেদন ইতিবাচক আহিছে। যিসকলে মোৰ সংস্পৰ্শলৈ আহিছে অনুগ্ৰহ কৰিকোভিডৰ পৰীক্ষা কৰাওক "। অমিতাভ বচ্চন পুনৰ দ্বিতীয়বাৰৰ বাবে কোভিডত আক্ৰান্ত হোৱাত তেওঁৰ অনুৰাগীসকল চিন্তিত হৈ পৰিছে।কাৰণ অমিতাভ বচ্চন আন কেইবাটাও জটিল ৰোগত আক্ৰান্ত।২০২০ চনত যেতিয়া কৰোনা মহামাৰী সমগ্ৰ বিশ্বতে বিয়পি পৰিছিল, সেই সময়তে প্ৰথমবাৰৰ বাবে এই মাৰাত্মক ভাইৰাছত বিগ বি- আক্ৰান্ত হৈছিল।
সেই বছৰৰ জুলাই মাহত কভিডতআক্ৰান্ত হোৱাৰ পিছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছিল। পুত্ৰ অভিষেক বচ্চন, বোৱাৰীয়েক আৰু অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চন আৰু নাতিনী আৰাধ্যাও কোভিডত আক্ৰান্ত হৈছিল। কেইবাদিনো চিকিৎসালয়ত থকাৰ পিছত,অমিতাভ আৰোগ্য হৈ ঘৰলৈ উভতি আহিছিল। এইবাৰ তেওঁ পুনৰ সেই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।
বিগ বিয়ে বৰ্তমান ৰিয়েলিটি শ্ব' 'কৌন বনেগা কৰোড়পতি'ৰ দৃশ্যগ্ৰহণ কৰি আছে। ইয়াৰ মাজতে শুনা গৈছে যে ৭৯ বছৰীয়া অভিনেতাজন কৰোনাৰ দ্বাৰা সংক্ৰমিত হোৱাৰ বাবে শ্বুটিং পিছুৱাব লাগিব পাৰে। তেওঁৰ বহু প্ৰতীক্ষিত ছবি 'ব্ৰহ্মাস্ত্ৰ পাৰ্ট ৱান: শিৱ' ৯ ছেপ্টেম্বৰত মুক্তি পাব। তেওঁ এই ছবি খনৰ প্ৰচাৰতো জড়িত হোৱাৰ কথা আছিল। কিন্তু কৰোনা সংক্ৰমণৰ বাবে, সকলো পৰিকল্পনা বাবে পিছুৱাই দিয়া হৈছে।
Leave A Comment