ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেতা-পৰিচালক সতীশ কৌশিকৰ আকস্মিক মৃত্যুত দুখত ভাগি পৰিছিল অনুপম খেৰ। অনুপম খেৰৰ বেষ্ট ফ্ৰেণ্ড আছিল সতীশ কৌশিক। সতীশ কৌশিকে হঠাতে এই পৃথিৱী এৰি গুচি যোৱাত অনুপম খেৰ দুখৰ সাগৰত ডুব গৈছিল।
ইয়াৰ লগতে সতীশ কৌশিকৰ মৃত্যুত তেওঁৰ পত্নীৰ অৱস্থা বেয়া হৈ পৰিছিল আৰু কন্যা বংশিকাও বেয়াকৈ ভাঙি গৈছিল। ২০২৩ চনৰ ৯ মাৰ্চত হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ সতীশ কৌশিকৰ মৃত্যু হয়। তেতিয়াৰ পৰা অনুপম খেৰে কন্যা বংশিকাক চোৱা-চিতা কৰি আহিছে। অনুপম খেৰ যিমানেই ব্যস্ত নাথাকক কিয়, তেওঁ নিশ্চিতভাৱে বংশিকাৰ বাবে সময় উলিয়ায়।
তেওঁ প্ৰায়ে ইনষ্টাগ্ৰামত বংশিকাৰ সৈতে ৰিল আৰু ভিডিঅ’ শ্বেয়াৰ কৰে। অনুপম খেৰে কয় যে তেওঁ সতীশক ঘূৰাই আনিব নোৱাৰে, কিন্তু নিশ্চিতভাৱে সতীশৰ কন্যাৰ পিতৃ হ’ব পাৰে। অনুপম খেৰে কয় যে ‘‘মই বংশিকাৰ জীৱনত পিতৃ সতীশ কৌশিকৰ অনুপস্থিতি পূৰণ কৰিবলৈ চেষ্টা কৰিছো।’’ অনুপম খেৰে লগতে কৈছিল যে ‘‘সতীশক হেৰুৱাই ময়ো মোৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ অংশ হেৰুৱালো। তেওঁক মই সদায় মিছ কৰোঁ।’’
অনুপম খেৰে লগতে কয় যে, ‘‘বংশিকাৰ জীৱনত মই সতীশৰ ঠাই ল’ব নোৱাৰো। বৰং কোনেও নোৱাৰে। কিন্তু বংশিকাক আৱেগিক শক্তি নিশ্চয় দিব পাৰিম। যাতে বংশিকাই অনুভৱ কৰিব পাৰে যে তাইৰ জীৱনত পিতৃৰ দৰে কোনোবা এজন আছে।’’
Leave A Comment