ডিজিটেল ডেস্কঃ নাম তেওঁৰ প্ৰকাশ সিং। অৱশ্যে, বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাৰ ব্যক্তিগত দেহৰক্ষী প্ৰকাশ সকলোৰে মাজত চনু সিং বুলিয়েই পৰিচিত। বিৰাট কোহলী আৰু অনুষ্কাৰ সৈতে পৰিচিত লোকসকলে জানে যে বিৰুষ্কাই চনুক পৰিয়ালৰ এজন সদস্য হিচাপেই ভাবে৷ আনকি চিনেমাৰ ছেটতো অভিনেত্ৰীগৰাকীয়ে চনুক তেওঁৰ ওচৰতে ৰাখে। শেহতীয়াকৈ চনুৰ দৰমহাৰ পৰিমাণ প্ৰকাশ পাইছে৷ হৈছে। বহুতে তেওঁৰ দৰমহাৰ পৰিমাণ দেখি আচৰিত হৈ পৰিছে৷
সংবাদ মাধ্যমৰ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি বিৰাট-অনুষ্কাৰ দেহৰক্ষী চনু সিঙে বছৰি ১.২০ কোটি টকা উপাৰ্জন কৰে। চনুৱে প্ৰতি মাহে ১০ লাখ টকা দৰমহা হিচাবে লাভ কৰে। চনু সিঙৰ দৰমহাৰ এই পৰিমাণ জনাৰ পিছত বহুতে কৈছে যে বিৰুষ্কাৰ দেহৰক্ষীৰ বাৰ্ষিক উপাৰ্জন বহু বাণিজ্যিক কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াৰ উপাৰ্জনতকৈও বেছি৷ জনপ্ৰিয় তাৰকাসকলৰ চাৰিওফালে সৃষ্টি হোৱা ভিৰৰ মাজত তেওঁলোকক যাতে কোনেও ক্ষতি কৰিব নোৱাৰে সেয়া নিশ্চিত কৰিবলৈয়েই দেহৰক্ষীৰ ৰাখে ।
অনুষ্কা আৰু বিৰাট ভাৰতীয় চলচ্চিত্ৰ আৰু ক্ৰিকেটৰ 'পাৱাৰ কাপল'। তেওঁলোকৰ অনুৰাগীৰ সংখ্যা কম নহয়। ইয়াৰ বাহিৰেও তেওঁলোক দুয়োজনে সদায় তেওঁলোকৰ ব্যক্তিগত জীৱনৰ বহু কথা সংবাদ মাধ্যমৰ চকুৰ আঁৰত ৰাখি আহিছে। বিৰুষ্কাৰ জীয়ৰী ভামিকাৰ ছবি আজিলৈকে সংবাদ মাধ্যমত প্ৰকাশ কৰা হোৱা নাই।উল্লখ্য যে চনু সিঙে অনুষ্কাৰ বিয়াৰ আগৰে পৰাই তেওঁৰ ব্যক্তিগত দেহৰক্ষী হিচাপে কাম কৰি আহিছে। এতিয়া অৱশ্যে, তেওঁ বিৰাটৰো নিৰাপত্তাৰ দায়িত্বত আছে৷
Leave A Comment