• অচিৰেই পুত্ৰ অকায়ৰ মুখ দেখুৱাব অনুষ্কাই: কিন্তু ফটো প্ৰকাশ কৰিব নোৱাৰিব বাহিৰত

    মনোৰঞ্জন
    অচিৰেই পুত্ৰ অকায়ৰ মুখ দেখুৱাব অনুষ্কাই: কিন্তু ফটো প্ৰকাশ কৰিব নোৱাৰিব বাহিৰত
    ডিজিটেল ডেস্ক: পুত্ৰসন্তান অকায়ৰ জন্মৰ পাছত দেশৰ মাটিত ভৰি থ’লে অনুষ্কা শৰ্মাই৷
     ১৫ ফেব্ৰুৱাৰীত জন্ম হৈছিল বিৰাট-অনুষ্কাৰ পুত্ৰসন্তান অকায়ৰ। নিজৰ ব্যক্তিগত জীৱনক লৈ অত্যন্ত সচেতন বিৰাট-অনুষ্কা। কন্যা ভামিকাৰ বয়স তিনি বছৰ। কিন্তু এতিয়ালৈ কন্যাৰ মুখেই পোহৰলৈ অনা নাই তেওঁলোকে। পুত্ৰৰ ক্ষেত্ৰতো একেই সচেতনা দেখুৱাইছে দুয়ো৷  

    সম্প্ৰতি আইপিএলত ব্যস্ত বিৰাট কোহলী৷ দুমাহ পাছত ভাৰতলৈ উভতি আহিল অনুষ্কা। কন্যা ভামিকাক লৈ যি সাৱধানতা অৱলম্বন কৰিছে, অকায়ৰ ক্ষেত্ৰতো একেই সাৱধানতা অৱলম্বন কৰিছে তেওঁলোকে।

    প্ৰায় তিনি মাহ পাছত বিমানবন্দৰত অনুষ্কাক দেখি ফটোগ্ৰাফাৰসকলে ফটো তোলাৰ বাবে উৎসুকতা প্ৰদৰ্শন কৰে৷ কিন্তু অনুষ্কাই জনায় তেওঁ পুত্ৰ-কন্যাক বাদ দিহে ফটো তুলিবলৈ দিব। অনুষ্কাই এয়াও জনাই যে সকলোকৈ লৈ অচিৰেই এক অনুষ্ঠানৰ আয়োজন কৰিব তেওঁলোকে। তাতেই পুত্ৰৰ মুখ সকলোকে দেখুৱাব বিৰাট-অনুষ্কাই৷ মাথোঁ সেই ফটো বাহিৰত প্ৰকাশ কৰিব নোৱাৰিব বুলি চৰ্ত দিয়ে বিৰাট-পত্নীয়ে৷