ডিজিটেল ডেস্কঃ অনুৰাগীয়ে হঠাতে হেঁচা মাৰি ধৰিলে আৰবাজ খান আৰু তেওঁৰ নৱ বিবাহিতা পত্নী চুৰাক। এনে পৰিস্থিতিৰ বাবে যেন সাজু নাছিল আৰবাজ খান। এনেও নৱ বিবাহিতা পত্নী চুৰাৰ প্ৰতি আৰবাজৰ মৰম অলপ বেছিয়েই হৈ আছে। এক পলকৰ বাবেও যেন তেওঁ চুৰাক চকুৰ আঁৰ হ’বলৈ দিবলৈ টান পায়। সেই চুৰাকেই ঠেলা-হেঁচাৰ পৰা ৰক্ষা কৰিবলৈ সেয়ে আৰবাজ খানে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিবলগীয়া হ’ল।
শেহতীয়াকৈ মুম্বাইৰ এক ইফতাৰ পাৰ্টিত ভাগ লৈছিল চুৰা আৰু আৰবাজে। চুৰা খান আৰু আৰবাজ খানে মুম্বাইৰ ইফতাৰ পাৰ্টিত উপস্থিত থকাৰ সময়তে বাহিৰত আৰবাজৰ অনুৰাগী বহুতে ভিৰ কৰিবলৈ লয়। ইফতাৰ পাৰ্টিৰ পিছত আৰবাজ আৰু চুৰা ৰেষ্টুৰেণ্টৰ পৰা ওলাই অহাৰ লগে লগে অগণন লোকে তেওঁলোকক বেৰি ধৰে। ভিৰৰ মাজত চুৰাৰ অৱস্থা তথৈবচ হৈ পৰে। ভিৰৰ হেঁচাত চুৰা পিষ্ট হোৱাৰ উপক্ৰম ঘটে। নৱ বিবাহিতা পত্নীৰ এনে অৱস্থা দেখি মুঠেও ধৈৰ্ৎ ধৰি থাকিব নোৱাৰিলে আৰবাজে।
আৰবাজে সমবেত লোকসকলক ছত্ৰভঙ্গ দিয়াবলৈ ৰুদ্ৰমূৰ্তি ধাৰণ কৰে আৰু চিঞৰিবলৈ ধৰে। চলমানৰ ভাতৃয়ে পত্নীক বচাবলৈ ৰুদ্ৰমূৰ্তি ধাৰণ কৰা দেখি অনুৰাগীসকলেও সেই ঠাইৰ পৰা পলাই পত্ৰং দিয়ে। ভিৰ লাহে লাহে কমি আহিবলৈ ধৰে। চুৰাক কিবাকৈ পদপিষ্ট হোৱাৰ পৰা উদ্ধাৰ কৰিহে স্বস্তিৰ নিশ্বাস এৰে আৰবাজে। চুৰাক বিয়া পতাৰ পিছতো আৰবাজে তেওঁৰ প্ৰাক্তন পত্নী মালাইকাক পাহৰি যোৱা নাই। মালাইকাক অলপতে তেওঁৰ প্ৰাক্তন স্বামী আৰবাজ খান আৰু আৰবাজৰ নতুন পত্নী চুৰা খানৰ সৈতে দেখা গৈছিল।জানিব পৰা মতে আৰবাজে তেওঁৰ পুত্ৰ আৰহানৰ বাবেই ইফটাৰ পাৰ্টীৰ আয়োজন কৰিছিল। ইপিনে আৰবাজ খান আৰু মালাইকা অৰোৰাই ডাম্ব বিৰিয়ানি নামৰ এটা পডকাষ্ট মুকলি কৰিবলৈ সাজু হৈছে।
Leave A Comment