• কৰণ জোহৰৰ চিনেমাৰ প্ৰস্তাৱ নাকচ কৰিলে আৰিয়ান খানে! বলিউডত কি কাম কৰিবলৈ মন শ্বাহৰুখ তনয়ৰ?

    মনোৰঞ্জন
    কৰণ জোহৰৰ চিনেমাৰ প্ৰস্তাৱ নাকচ কৰিলে আৰিয়ান খানে! বলিউডত কি কাম কৰিবলৈ মন শ্বাহৰুখ তনয়ৰ?
    ডিজিটেল ডেস্কঃ বলিউডত কেতিয়ালৈ অভিষেক ঘটিব শ্বাহৰুখ তনয়  আৰিয়ানৰ? এই চৰ্চা বলিউডত দীৰ্ঘদিন ধৰি চলি আহিছে। 

    শেহতীয়াকৈ আৰিয়ান খানক এখন চিনেমাৰ প্ৰস্তাৱ দিয়ে বলিউডৰ নতুন প্ৰতিভাসমূহৰ 'গডফাদাৰ’স্বৰূপ কৰণ জোহৰে। এবাৰ নহয়, কেইবাবাৰো জোহৰে আৰিয়ানক চিনেমাৰ প্ৰস্তাৱ দি আহিছে।

    কিন্তু প্ৰতিবাৰেই জোহৰৰ চিনেমা নাকচ কৰি আহিছে আৰিয়ানে। প্ৰথমে জোহৰ আশাবাদী আছিল যদিও এতিয়া সকলো আশা বাদ দিছে। অৰ্থাৎ সহজে চিনেমালৈ নাহে আৰিয়ানখান।

    কেৱল কৰণ জোহৰেই নহয়, আৰিয়ানৰ ওচৰলৈ চিনেমাৰ প্ৰস্তাৱ জয়া আখটাৰেও লৈ গৈছে। শুনিবলৈ পোৱা মতে, 'দা আৰ্চিজ’ নামৰ এখন চিনেমাৰ প্ৰস্তাৱ আৰিয়ানক দিয়া হৈছিল। কিন্তু অমান্তি হয় আৰিয়ান।

    আৰিয়ানৰ স্পষ্ট কথা যে তেওঁ অভিনেতা হ’ব নিবিচাৰে। বৰঞ্চ কেমেৰাৰ পাছফালেহে থাকিবলৈ বিচাৰে।

    একেই মন্তব্য প্ৰকাশ কৰিছে আৰিয়ানৰ পিতৃ শ্বাহৰুখেও। শ্বাহৰুখে কয় যে আৰিয়ানে পৰিচালক হ’বলৈহে বিচাৰে। কেমেৰাৰ পাছফালেহে আৰিয়ানে স্বাচ্ছন্দ্য অনুভৱ কৰে।