comScore
  • পশ্চিমীয়াক অনুকৰণ কৰাৰ সমান্তৰালভাৱে পাহৰি গৈছে ভাৰতীয় সংস্কৃতি, বলীউডৰ নিন্দাত সৰৱ আশা পাৰেখ

    মনোৰঞ্জন
    পশ্চিমীয়াক অনুকৰণ কৰাৰ সমান্তৰালভাৱে পাহৰি গৈছে ভাৰতীয় সংস্কৃতি, বলীউডৰ নিন্দাত সৰৱ আশা পাৰেখ

    ডিজিটেল ডেস্ক : সত্তৰৰ দশকত বলীউডত
    একপ্ৰকাৰ আধিপত্য বিস্তাৰ কৰাসকলৰ ভিতৰত আশা পাৰিখ আছিল অন্যতম। সেই সময়ৰ অন্যতম জনপ্ৰিয়
    আৰু সফল অভিনেত্ৰী আছিল তেওঁ। বিশেষকৈ তেওঁৰ নৃত্য সেই সময়ত মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু
    আছিল। শেহতীয়াকৈ তেওঁ সন্মানীয় দাদাচাহেব ফালকে বঁটা লাভ কৰিছিল। এই প্ৰেক্ষাপটত
    প্ৰবীণ অভিনেত্ৰীগৰাকীয়ে বিগত আৰু বৰ্তমানৰ উদ্যোগটোৰ মাজত থকা পাৰ্থক্যৰ বিষয়েও
    মুকলিকৈ কয়। অভিনয়ৰ উপৰি আশা পাৰেখ নৃত্যতো অতি পাকৈত আছিল। বলীউডৰ চিনেমাবোৰত নৃত্য-গীতৰ
    এক উজ্জ্বল নক্ষত্ৰ আছিল তেওঁ। এই ক্ষেত্ৰত অতীত আৰু বৰ্তমানৰ বলীউডৰ মাজত বিশেষ পাৰ্থক্য
    দেখা নাযায়। কিন্তু আশাই কয়, আজিৰ অভিনেত্ৰীসকলৰ নৃত্য দেখি তেওঁ ভাল নাপায়। আশা
    পাৰিখে মন্তব্য কৰি কয় যে আধুনিক ছবিৰ গীত আৰু ভিজুৱেল ভাল নহয়।



     শেহতীয়াকৈ এই সন্দৰ্ভত এক সাক্ষাৎকাৰত
    ‘তিশ্ৰী মঞ্জিল’ অভিনেত্ৰীগৰাকীয়ে বৰ্তমানৰ উদ্যোগটোৰ বিষয়ে তেওঁ মুকলিকৈ সমালোচনা
    কৰি কয় যে বলীউডে নিজৰ সংস্কৃতি পাহৰি গৈছে। হিন্দী চলচ্চিত্ৰ উদ্যোগে পশ্চিমীয়া
    সংস্কৃতিৰ অনুকৰণ কৰিবলৈ চেষ্টা কৰিছে। এই অনুসৰণত বলীউডে নিজৰ নৃত্যশৈলী পাহৰি গৈছে
    বুলিও মন্তব্য কৰে অভিনেত্ৰীগৰাকীয়ে। তেওঁ লগতে কয় যে ‘আমি পশ্চিমীয়া দেশবোৰক অনুকৰণ
    কৰিবলৈ চেষ্টা কৰোঁ। কিন্তু আজিকালি আমি চিনেমাত যি নৃত্য দেখিছোঁ সেয়া আমাৰ সংস্কৃতি
    নহয়। কেতিয়াবা এনে লাগে যেন আমি এৰোবিক্স কৰি আছো, নাচ কৰা নাই। আশা পাৰিখেও মন্তব্য
    কৰে যে এইবোৰ দেখি তেওঁ দুখ অনুভৱ কৰে। তেওঁ ৰিমিক্স গীতৰ বিৰুদ্ধেও তীব্ৰ প্ৰতিক্ৰিয়া
    প্ৰকাশ কৰে।



     অৱশ্যে প্ৰবীণ অভিনেত্ৰীগৰাকীয়ে
    প্ৰশংসা কৰিছে পৰিচালক সঞ্জয় লীলা ভাঞ্চালীক। কাৰণ ভাৰতীয় সংস্কৃতি আৰু নৃত্যশৈলী
    অক্ষুণ্ণ ৰাখিছে অকল তেওঁহে। আশাৰ মতে ভাৰতীয় সংস্কৃতিৰ প্ৰতি থকা মৰম ভাঞ্চালীৰ ছবিসমূহত
    স্পষ্টকৈ প্ৰকাশ কৰে।

    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlinesv388sabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388