comScore
  • 'জননেতা' ভীমবৰ দেউৰীৰ ওপৰত নিৰ্মিত 'জিম’চাঁয়া' প্ৰদৰ্শন হ’ব কেৰালাৰ SIGNS উৎসৱত

    মনোৰঞ্জন
    'জননেতা' ভীমবৰ দেউৰীৰ ওপৰত নিৰ্মিত 'জিম’চাঁয়া' প্ৰদৰ্শন হ’ব কেৰালাৰ SIGNS উৎসৱত
    ডিজিটেল ডেস্কঃ অসমৰ বাবে এক সুখবৰ। সাংস্কৃতিক জগতলৈ আহিছে পুনৰ এক ভাল খবৰ। 'জননেতা' ভীমবৰ দেউৰীৰ ওপৰত নিৰ্মিত 'জিম’চাঁয়া' (All By Heart And Soul) শীৰ্ষক চিনেমাখন কেৰালাত অহা ২০ তাৰিখৰ পৰা ২৩ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া ষোড়শ সংস্কৰণৰ সন্মানীয় SIGNS উৎসৱৰ তথ্যচিত্ৰ (প্ৰতিযোগিতা) শিতানৰ বাবে নিৰ্বাচিত হৈছে।

    এই উৎসৱত ২৩খন ছবিৰ বিপৰীতে সুকীয়া প্ৰতিযোগিতামূলক শিতানত ১৬খন চুটি কল্পকাহিনী আছে।

    ছবিখন পৰিচালনা মনোজ বৰপূজাৰীৰ আৰু প্ৰযোজনা তুলিকা শৰ্মাৰ। YA Pictures & Letters-ৰ বেনাৰত নিৰ্মাণ কৰা হৈছে ছবিখন।

    উল্লেখ্য যে ভীমবৰ দেউৰী অসমৰ এগৰাকী জননেতা আৰু আইনজ্ঞ। ১৯০৩ চনৰ ১৬ মে’ত শিৱসাগৰৰ পানীদিহিঙত জন্মগ্ৰহণ কৰা দেউৰীয়ে কটন কলেজ আৰু প্ৰেচিডেন্সি কলেজত উচ্চশিক্ষা গ্ৰহণ কৰিছিল। আইনৰ শিক্ষা লাভ কৰি এওঁ ওকালতিৰ লগতে সনাজসেৱাতো জড়িত হৈ পৰে। 

    অসমৰ ভূমিপুত্ৰসকলৰ উন্নয়নৰ বাবে তেওঁ ট্ৰাইবেল লীগৰ জন্ম দিয়ে আৰু ইয়াৰ সাধাৰণ সম্পাদকৰূপে একেৰাহে ১৩ বছৰ কাৰ্যনিৰ্বাহ কৰে। গ্ৰুপিং ব্যৱস্থাৰ জৰিয়তে অসমক পূব পাকিস্তানৰ লগত সুমুৱাব খোজা প্ৰচেষ্টা খণ্ডন কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। ১৯৪৭ চনত মাত্ৰ ৪৪ বছৰ বয়সতে মৃত্যুবৰণ কৰা ভীমবৰ দেউৰীক 'জননেতা' বুলি অভিহিত কৰা হয়।

    এইগৰাকী মহান ব্যক্তিৰ ওপৰত নিৰ্মাণ কৰা ছবিখনক লৈ যথেষ্ট উৎসাহী অসমৰ সুধী সমাজ।