ডিজিটেল ডেস্কঃ গ্ৰেটা গেৰৱিগৰ পৰিচালনাত নিৰ্মিত ‘বাৰ্বি’ চিনেমাখনে মুক্তি পোৱাৰ লগে লগে ধুমুহাৰ সৃষ্টি কৰিছে। ‘লেডী বাৰ্ড’, লিটন ৱমেন-ৰ পিছত গ্ৰেটাৰ তৃতীয়খন ছবি হৈছে ‘বাৰ্বি’। এই ছবিখনৰ জৰিয়তে গ্ৰেটাই পিতৃতন্ত্ৰৰ বিৰুদ্ধে নাৰীবাদৰ পাঠ দিছে। তেওঁ সৰল ভাষাত গুৰুত্বপূৰ্ণ বিষয় অৱতাৰণা কৰিছে।
হলিউডৰ জনপ্ৰিয় অভিনেত্ৰী মাৰ্গট ৰবি আৰু অভিনেতা ৰিয়ান গছলিঙে ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰিছে। নাৰীবাদৰ লগতে এলজিবিটিকিউ গোটৰ সম অধিকাৰৰ বিষয়েও ছবিখনত স্থান লাভ কৰিছে।
২১ জুলাইত ক্রিষ্টোফাৰ নোলানৰ ‘অপেনহাইমাৰ’ ছবিৰ সমান্তৰালভাৱে চিনেমাগৃহত মুক্তি পালে গ্ৰেটাৰ ছবি ‘বার্বি’। ভাৰতত ‘অপেনহাইমাৰ’ক লৈ যথেষ্ট চৰ্চা চলিছে যদিও ‘বাৰ্বি’ই সমগ্ৰ বিশ্বতে নোলানৰ ছবিখনৰ সৈতে প্ৰতিদ্বন্দিতা কৰি আছে। বক্স অফিচত প্ৰশংসনীয়ভাৱে স্থান লাভ কৰিছে।
পাকিস্তান আৰু ইৰানে ছবিখন প্ৰদৰ্শনত নিষেধাজ্ঞা আৰোপ কৰিছে। কেৱল এইবোৰ দেশেই নহয়, ৰাছিয়া, ভিয়েটনাম আৰু ফিলিপাইনছতো ছবিখনৰ প্ৰদৰ্শনত নিষেধাজ্ঞা আৰোপ কৰিছে। ইৰাণত কঠোৰ নিষেধাজ্ঞা জাৰি কৰাৰ বিপৰীতে পাকিস্তানত বাৰ্বিক সাময়িকভাৱে নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
পাকিস্তানৰ পঞ্জাৱ চেন্সৰ ব’ৰ্ডে জনাইছে যে ছবিখনৰ পৰা “আপত্তিজনক” বিষয়বস্তু আঁতৰাই দিলেহে ছবিখন পুনৰ চিনেমাগৃহত প্ৰদৰ্শিত হ’ব। বৰ্তমান পঞ্জাৱ চেন্সৰ ব’ৰ্ডৰ কৰ্তৃপক্ষই ছবিখন পৰীক্ষা কৰাত ব্যস্ত।
Leave A Comment