ডিজিটেল ডেস্কঃ ৩২ বাৰ গ্ৰেমী বঁটা লাভ কৰা বিয়ন্সিয়ে এইবাৰ পুনৰ গ্ৰেমী আজুৰি আনিবলৈ সক্ষম হৈছে৷ সংগীতজগতৰ তাৰকাগৰাকীয়ে সৰ্বাধিক সংখ্যক গ্ৰেমী বিজয়ীৰ খিতাপ অৰ্জন কৰিছে । ভাৰতীয় শিল্পী ৰিকি কেজকো এইবাৰ গ্ৰেমী প্ৰদান কৰা হৈছে।
বেয়ংন্সিয়ে তেওঁৰ এলবাম "ৰেনেছা"ৰ বাবে ৩২ সংখ্যক গ্ৰেমী লাভ কৰিবলৈ সক্ষম হৈছে। এয়া তেওঁৰ একক গীতৰ সপ্তম এলবাম। শিল্পীগৰাকীৰ এই গানটোৱে বিলবৰ্ডৰ সৰ্বকালৰ শ্ৰেষ্ঠ গানৰ শিৰোনাম লাভ কৰিছে।
আনহাতে ভাৰতৰ বাংগালুৰুস্থিত সুৰকাৰ ৰিকি কেজ হৈছে এই বছৰ গ্ৰেমী জয় কৰা একমাত্ৰ ভাৰতীয়।
এয়া ৰিকিৰ তৃতীয় গ্ৰেমী। ভাৰতীয় সুৰকাৰগৰাকীয়ে শ্ৰেষ্ঠ অডিঅ' এলবাম শ্ৰেণীত বঁটা লাভ কৰিছে৷ ৰিকিয়ে তেওঁৰ এলবাম 'ডিভাইন টাইডছ'ৰ বাবে বঁটা লাভ কৰিছে। তেওঁ তেওঁৰ সামাজিক মাধ্যমৰ পৃষ্ঠাত পুৰস্কাৰৰ সৈতে বহু ফটো শ্বেয়াৰ কৰিছে। ৰিকিয়ে তেওঁৰ বঁটাটো ভাৰতবাসীক উৎসৰ্গা কৰিছে।
Leave A Comment