• মাক হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে কেমেৰাৰ আগত ধৰা দিলে আলিয়া ভাটে, সাধাৰণ জিনচ-টপ পিন্ধি উঠিলে কেইবাখনো ফটো

    মনোৰঞ্জন
    মাক হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে কেমেৰাৰ আগত ধৰা দিলে আলিয়া ভাটে, সাধাৰণ জিনচ-টপ পিন্ধি উঠিলে কেইবাখনো ফটো
    ডিজিটেল ডেস্কঃ মাতৃত্ব অৰ্জন কৰাৰ পাছত পোনপ্ৰথমবাৰৰ বাবে কেমেৰাৰ আগত ধৰা দিলে আলিয়া ভাটে৷ যোৱা ৬ নৱেম্বৰত আলিয়া-ৰণবীৰৰ সংসাৰলৈ এটি কন্যা সন্তানৰ আগমণ ঘটিছে৷ তাৰপাছৰে পৰা কেমেৰাৰ পৰা আঁতৰি আছে আলিয়া৷

    অৱশেষত শেহতীয়াকৈ ভগ্নী শাহিন ভাটৰ জন্মদিনলৈ আহি কেমেৰাৰ আগত ধৰা দিলে আলিয়াই৷ মাক চ’নী ৰাজদানৰ লগত আলিয়াই নীলা ৰঙৰ জিনচ আৰু ক’লা টি-চাৰ্ট পিন্ধি সাধাৰণ এজনী যুৱতীৰ দৰেই ফটো উঠে৷

    আলিয়াক সন্মুখত পাই পাপাৰাজ্জীসকল আনন্দিত হৈ পৰে৷ কেইবাজনো পাপাৰাজ্জীয়ে আলিয়াক শুভেচ্ছাও জনায় আৰু কন্যাসন্তানৰ খবৰ লয়৷ ঘৰলৈ নতুন সদস্য অহাৰ পাছৰে সাংসাৰিক ব্যস্ততা বাঢ়িছে আলিয়াৰ৷ সলনি হৈছে জীৱনধাৰণ৷ মাক হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে আলিয়াই ৰাজহুৱা ভুমুকি মৰাৰ ফটোসমূহে তাকেই কৈছে৷