ডিজিটেল ডেস্কঃ শ্বাহৰুখ খানৰ পাঠান ছবিত গেৰুৱা বিকিনি পিন্ধি কৰা উদ্দাম নৃত্যৰ বাবে এতিয়া অভিনেত্ৰী দীপিকা পাডুকন সমালোচনাৰ পাত্ৰ হৈ পৰিছে৷ পাঠান ছবি খন আনকি বহু হিন্দুত্ববাদী সংগঠনে বৰ্জন কৰাৰো ভাবুকি দিছে৷ যদি ছবি খন সঁচাকৈয়ে বৰ্জন কৰা হয় তেন্তে কোটি কোটি টকাৰ লোকচান হ’ব৷ কিন্তু এনে বিতৰ্ক অথবা আন সমালোচনাই যেন তলাব পৰা নাই দীপিকাক৷
তেওঁ নিৰ্বিকাৰভাবে সকলো সমালোচনা হজম কৰি গৈছে৷ দৰাচলতে 'পাঠান'ত দীপিকা পাডুকনে অভিনয় কৰাৰ পূৰ্বে স্বামী ৰণবীৰ সিঙৰ শেহতীয়া ছবি 'চাৰ্কাছ'-এ বক্স অফিচত ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে।
বক্স অফিচত 'চাৰ্কাছ'ৰ ফলাফল একেবাৰে বেয়া হোৱা বাবে সাময়িকভাবে দীপিকা হতাশ হৈছিল যদিও এতিয়া তেওঁৰ কোনো হতাশা নাই। খ্ৰীষ্টমাছৰ বতৰত মুক্তি পোৱা ছবিখনে আৰম্ভণিৰ দিনটোত মাত্ৰ ৬.৪ কোটি টকাৰ ব্যৱসায় কৰিছে। চলচ্চিত্ৰ বিশেষজ্ঞৰ এটা অংশই ৰণবীৰ সিঙৰ দৰে এজন চুপাৰষ্টাৰৰ ছবিৰ এনে অৱস্থাকলৈ চিন্তিত হৈছে। কিন্তু এনেবোৰ কথাৰ প্ৰতি মনোযোগ দিয়া নাই দীপিকাই৷ ইয়াৰ বিপৰীতে তেওঁ ৰণবীৰৰ সৈতে বন্ধৰ দিন কটাবলৈ মুম্বাই এৰিছে৷
তাৰকা-দম্পতীহালক দেওবাৰে মুম্বাইৰ গেটৱে অৱ ইণ্ডিয়া চৌহদত দেখা গৈছিল। তেওঁলোক দুয়ো এখন স্পীড বোটত উঠি আলিবাগ চহৰলৈ ৰাওনা হৈছিল। ৰণবীৰ আৰু দীপিকাৰ আলিবাগত নিজা বাংলো আছে। তেওঁলোকে সময় পালেই ব্যক্তিগতভাৱে সময় কটাবলৈ তালৈ যায়।এিবাৰো সেয়ে আলিবাগলৈ ৰাওণা হৈছে দীপিকা-ৰণবীৰ৷ গেৰুৱা বিকিনি বিতৰ্কৰ পিছত দীপিকাই পৰাপক্ষত সংবাদিকক এৰাই চলিছে৷ কাৰণ সাংবাদিকে তেওঁক বিকিনি প্ৰসংগত নানান কথা সুধি আমনি কৰি অহা বুলি দীপিকাৰ ঘনিষ্ঠ মহলে কৈছে৷ আলিবাগলৈ যোৱাৰ সময়ত তেওঁলোক দুয়োৰে মনোভাৱৰ পৰা এইটো স্পষ্ট হৈছে যে তেওঁলোক বক্স অফিচ বা বিতৰ্ককলৈ একেবাৰে বিচলিত নহয়। দেওবাৰে আলিবাগলৈ যোৱাৰ সময়ত দম্পতীহালে অনুৰাগীসকলক উদ্দেশ্যি হাত জোকাৰি থকা দেখা যায়৷
ৰণবীৰ আৰু দীপিকা কেতিয়া মুম্বাইলৈ উভতি আহিব সেয়া এতিয়াও জানিব পৰা হোৱা নাই। ৰণবীৰক পৰৱৰ্তী সময়ত কৰণ জোহৰৰ 'ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী'ত আলিয়া ভাটৰ বিপৰীতে দেখা যাব। আনহাতে, জানুৱাৰীত 'পাঠান' ছবি খনে মুক্তি পাব৷
Leave A Comment