ডিজিটেল ডেস্কঃবিবেক অবেৰয় আৰু কৰীণা কাপুৰ খান বলীউডৰ জনপ্ৰিয় তাৰকা। বহুতে হয়তো নাজানে যে কৰীণাই সৰুতে বিবেকৰ বাবেই কলেজত শাস্তিৰ সন্মুখীন হোৱাৰ পৰা ৰক্ষা পৰিল৷ যুৱ', 'ওমকাৰা', 'কুৰবান'– আদি ছবিত দৰ্শকে তেওঁলোকক একেলগে দেখিছে।
বিবেক অবেৰয় আৰু কৰীণা কাপুৰ খান , এই দুটা নাম যেন তাহানিৰে পৰা কিবা এক অদৃশ্য বান্ধোনেৰে বান্ধ খাই আছে। দুয়োগৰাকী তাৰকাৰেই পৰিয়াল চিনেমা জগতৰ সৈতে জড়িত। গতিকে তেওঁলোকে সৰুৰে পৰাই ইজনে সিজনক চিনি পায়। দৰ্শকে ডাঙৰ পৰ্দাত তেওঁলোকৰ যুটিটোক যথেষ্ট মৰম দিছে। বিবেক-কৰীণাৰ সম্পৰ্ক অতি পুৰণি৷
কলেজত প্ৰায়ে উপস্থিত নথকা কৰীণাক বহুবাৰ ৰক্ষা কৰিছিল বিবেকে৷ বিবেক প্ৰকৃততে কৰীণাতকৈ চাৰি বছৰ ডাঙৰ। তেওঁলোক একেখন মহাবিদ্যালয়তে অধ্যয়ন কৰিছিল। তেওঁলোকৰ মহাবিদ্যালয়ত উপস্থিতিৰ বিষয়টোক কৰ্তৃপক্ষই গৰুৰুত্ব সহকাৰে লৈছিল আৰু এই বিষয়ত অতি কঠোৰ আছিল।
কৰীণাই প্ৰায়ে উপস্থিতিৰ হাৰক লৈ সমস্যাত পৰিছিল। তেওঁ প্ৰথম বৰ্ষৰ ছাত্ৰী আছিল।বিবেক মহাবিদ্যালয়ৰ এজন জ্যেষ্ঠ আছিল। গতিকে সেইসময়ত বিবেকে কেনেবাকৈ বুদ্ধি কৰি কৰীণাক কৰ্তৃপক্ষৰ শাস্তিৰ পৰা ৰক্ষা কৰিছিল। বিবেক-কৰীণাই আজিও সেই কথা সুঁৱৰি স্মৃতিকাতৰ হৈ পৰে৷
Leave A Comment