ডিজিটেল ডেস্কঃ বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই শেহতীয়াকৈ অতি গোপনে বৃন্দাবনলৈ গৈছে৷ কিন্তু সাংবাদিকৰ চকুৰ পৰা তেওঁলোক সাৰি যাব নোৱাৰিলে৷ শেহতীয়া খবৰ অনুসৰি বৃন্দাবনত মন্দিৰ দৰ্শন কৰিয়েই নতুন বছৰটো আৰম্ভ কৰিছে'বিৰুষ্কা'ই ।
দম্পতীহালে বৃন্দাবন ভ্ৰমণত সম্পূৰ্ণ গোপনীয়তা অৱলম্বন কৰিছে৷ মানুহৰ হাৰাশাস্তিৰ পৰা ৰক্ষা পৰাৰ বাবেই হয়তো তেওঁলোকে তেনে কৰিছে৷সাধাৰণতে তেওঁলোকৰভ্ৰমণত প্ৰায়ে গোপনীয়তা অৱসম্বন কৰা হয়।তেওঁলোকে বুধবাৰে বৃন্দাবনৰ দৰে তীৰ্থস্থানত উপস্থিত হৈছিল। বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাক ধৰ্মীয় গুৰু নিম কাৰোলী বাবাৰ আশ্ৰমত দেখা গৈছিল। কাৰোলী বাবাৰ আশীৰ্বাদ লৈয়েই 'বিৰুষ্কা'ই নতুন বছৰ আৰম্ভ কৰিছে।
সংবাদ মাধ্যমৰ কোনো লোককে সেই সময়ত মন্দিৰত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল । জানিব পৰা মতে বিৰাট আৰু অনুষ্কাই প্ৰায় এঘণ্টা আশ্ৰমত কটায়। তেওঁলোকে আশ্ৰমত ধ্যানো কৰে। ইয়াৰ উপৰি তেওঁলোকে আনন্দময়ী আশ্ৰমো দৰ্শন কৰে৷তেওঁলোকে এতিয়া মথুৰাৰ এখন বিলাসী হোটেলত আছে বুলি জানিব পৰা গৈছে৷
দৰাচলতে বিৰাট-অনুষ্কা নতুন বছৰ উদযাপন কৰিবলৈ ডুবাইলৈ গৈছিল। তাৰ পৰাই তেওঁলোকে তেওঁলোকৰ অনুৰাগীসকলৰ বাবে কেইবাখনো ফটো শ্বেয়াৰ কৰিছিল। ডুবাইৰ পৰাই তেওঁলোকে বৃন্দাবনলৈ আহে৷ অনুষ্কাই অলপতে 'চকদাহা এক্সপ্ৰেছ'ৰ দৃশ্যগ্ৰহণ শেষ কৰিছে৷
Leave A Comment