ডিজিটেল ডেস্কঃ শ্বাহৰুখ খানৰ পাঠান ছবিৰ এটি গীতৰ কিছু দৃশ্যাংশকলৈ দেশ জুৰি তুমুল বিতৰ্ক চলি আছে৷ গেৰুৱা বিকিনি পিন্ধাৰ বাবে দীপিকা পাডুকন সমালোচনাৰ সন্মুখীন হৈছে৷ দীপিকা পাডুকনৰ গেৰুৱা বিকিনিৰ বিতৰ্কৰ মাজতে বলীউডৰ এগৰাকী তাৰকা ছানী লিয়নীয়েও গেৰুৱা বিকিনি পিন্ধি ইনষ্টাগ্ৰামত এটা ভিডিঅ’ পোষ্ট কৰিছে৷ ভিডিঅ’টোৱে এতিয়া ইনষ্টাগ্ৰমত গৰম বতাহ বিয়পাই দিছে৷
"ভগৱা বিকিনি" শীৰ্ষক ছানী লিয়নীৰ ভিডিঅ’টোকলৈ বহুতে কটু সমালোচনাও কৰা দেখা গৈছে৷ পাঠানৰ বেচৰাম ৰঙৰ আৰ্হিতেই যেন ছানীয়ে নিজৰ ভিডিঅ’টো দিছে৷ ছানী লিয়নীয়ে গেৰুৱা ৰঙৰ বিকিনি পিন্ধি সাগৰৰ পাৰত নিজৰ এটা ভিডিঅ'ৰ বাবে পোজ দিয়া দেখা গৈছে৷ ছানিয়ে তাইৰ ইনষ্টাগ্ৰামত এমটিভি স্প্লিটচভিলা চিজন ৪-ৰ ক্লিপটো শ্বেয়াৰ কৰিছে। ছানিৰ দেহত সাগৰৰ ঢৌৱে বাৰে বাৰে খুন্দিয়াই থকা দেখা গৈছে৷ ফিছফালে থকা কোনোবাই 'পানী আয়া' বুলি চিঞৰি থকা শুনা গৈছে৷
বহু হিন্দুত্ববাদীয়ে বিশ্বাস কৰে যে গেৰুৱা বা ভগৱা হিন্দুসকলৰ বাবে এক পবিত্ৰ ৰং ৷ সেয়েহে ইয়াক বিকৃতৰূপত পিন্ধিব নালাগে। বহুতে পাঠান চলচ্চিত্ৰ খনৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ বাবে দাবী জনাবলৈ আৰম্ভ কৰিছে । বহুতে অভিযোগ কৰিছে যে গানটো আৰু গানটো জড়িত অভিনেতা-অভিনেত্ৰীসকলে হিন্দুৰ ধৰ্মীয় অনুভূতিক অসন্মান কৰিছে। ইয়াৰ পূৰ্বে মন্ত্ৰী নৰোত্তম মিশ্ৰাই ভাবুকি দিছিল যে যদি গানটোৰ বিতৰ্কিত দৃশ্যবোৰ সংশোধন কৰা নহয়, তেন্তে মধ্য প্ৰদেশত চলচ্চিত্ৰখনৰ প্ৰদৰ্শন নিষিদ্ধ কৰা হ'ব।
Leave A Comment