ডিজিটেল ডেস্কঃ সাধাৰণ মানুহৰ দৰে বলীউডৰ তাৰকাসকলেও প্ৰতি বছৰে দীপাৱলী উৎসৱ অতি উল্লাসেৰে উদযাপন কৰে। বলীউড জগতত এনে বহু তাৰকা আছে। মুছলমান হোৱাৰ পিছতো যিয়ে এই উৎসৱ পালন কৰে। আজি আমি আপোনালোকৰ বাবে এই তাৰকাসকলৰ এখন তালিকা লৈ আহিছো।
শ্বাহৰুখ খান – এই তালিকাৰ প্ৰথম নামটো হ’ল বলীউডৰ ৰজা শ্বাহৰুখ খানৰ। যিয়ে প্ৰতি বছৰে দীপাৱলীৰ উৎসৱ অতি আড়ম্বৰেৰে পালন কৰে।
ছলমান খান - বলীউডৰ ভাইজান ছলমান খান হ’ব পাৰে মুছলমান, কিন্তু প্ৰতিজন হিন্দুৰ দৰে তেওঁও দীপাৱলীৰ উৎসৱ ধুমধামেৰে উদযাপন কৰে।ছলমান খানেও নিজৰ ঘৰত আয়োজন কৰে এক বৃহৎ দীপাৱলী পাৰ্টি। য’ত উদ্যোগটোৰ বহু ডাঙৰ ডাঙৰ তাৰকা উপস্থিত থাকে ।
ছাইফ আলী খান - বলীউডৰ নবাব ছাইফ আলী খানেও পত্নী কৰীনা কাপুৰৰ সৈতে দীপাৱলী উৎসৱ উদযাপন কৰে। এই দিনটোত তেওঁলোকে নিজৰ ঘৰখন অতি সুন্দৰকৈ সজাই তোলে ৷
ছাৰা আলী খান- ছাইফ আলী খানৰ কন্যা ছাৰা আলী খানৰ নামো এই তালিকাত আছে। তেওঁক কেতিয়াবা দেউতাকৰ লগত কেতিয়াবা বন্ধুৰ লগত দীপাৱলী উদযাপন কৰা দেখা যায়।
আমিৰ খান - বলীউডৰ মিষ্টাৰ পাৰফেকচনিষ্ট বুলি অভিহিত আমিৰ খানেও প্ৰতি বছৰে দীপাৱলী উৎসৱ উদযাপন কৰা দেখা যায়।
সোহা আলী খান – ছৈফ আলী খানৰ ভগ্নী তথা অভিনেত্ৰী সোহা আলী খানৰ নামো এই তালিকাত আছে। তেওঁ ব্যতিক্ৰমভাৱে এই উৎসৱৰ অংশীদাৰ হয় ৷
Leave A Comment