Regional
Digital Desk: A massive convoy of over 20 animal ambulances on Guwahati's road created a sharp reaction from animal lovers on Sunday morning. The vehicles were coming from Arunachal to Guwahati to transport
ডিজিটেল ডেস্কঃ দাড়ি কটা হ’ব
ছঈফ আলি খানৰ। ‘আদিপুৰুষ’ চিনেমাখনত ছঈফৰ লুকে সমালোচনাৰ জোৱাৰ উঠাৰ পাছতে এই
সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
মহাভাৰতৰ আলমত নিৰ্মাণ কৰা
আদিপুৰুষ চিনেমাখনত ছঈফে ৰাৱণৰ চৰিত্ৰ ৰূপায়ন কৰিছে। কিন্তু ছৱিখনৰ ট্ৰেইলাৰত ছঈফৰ
লুকছটোক অনেকে সমালোচনা কৰিছে।
তেওঁলোকে কৈছে এমুখ দাড়ি আৰু
চুটি চুলিৰে ছঈফক ৰাৱণৰ দৰে লগা নাই। বৰঞ্চ মুছলিম চেহেৰাহে ফুটি উঠিছে। ৰাৱণৰ দৰে
এটা চৰিত্ৰক মুছলিমক চেহেৰা দিয়াটো মানি ল’ব পৰা নাই তেওঁলোকে।
আদিপুৰুষৰ ট্ৰেইলাৰ মুকলি
হোৱাৰ পাছতে এই সমালোচনা হৈছিল। সমালোচনাৰ প্ৰকোপত চিনেমাখনৰ মুক্তিৰ তাৰিখ সলোৱা
হৈছে।
এইবাৰ জানিব পৰা গৈছে,
আদিপুৰুষৰ বাবে চঈফৰ দাড়িখিনি কটা হ’ব। এইয়া সম্পাদনা কৰা হ’ব ভিএফএক্সৰ
মাধ্যমেৰে।
কেৱল সেয়াই নহয়, ভিএফএক্সৰ
মাধ্যমত ছৱিখনৰ আৰু অধিক সালসলনি কৰাৰ ইচ্ছা কৰিছে নিৰ্মাতাসকলে। ফলস্বৰূপে প’ষ্ট
প্ৰডাকছনৰ খৰচ বৃদ্ধি পাইছে।
সূত্ৰৰ খবৰ অনুযায়ী, যাৱতীয়
ভুলভ্ৰান্তি সংশোধন কৰিবলৈ এতিয়া প্ৰযোজক পক্ষৰ খৰচ হ’ব ৩০ কোটি টকা!
শেহতীয়াকৈ ছৱিখনৰ পৰিচালক ওম
ৰাউতে এটা বিবৃত্তিত লিখিছিল যে আদিপুৰুষ কেৱল এখন চিনেমা নহয়, বৰঞ্চ প্ৰভু
শ্ৰীৰাম আৰু ভাৰতৰ সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধাশীল প্ৰতিফলন।
Leave A Comment