ডিজিটেল ডেস্ক: মালাইকা আৰোৰা আৰু অৰ্জুন কাপুৰে ইজনে সিজনৰ প্ৰতি থকা মৰম প্ৰকাশ কৰিবলৈ লাজ নকৰে আৰু শেহতীয়াকৈ এক সাক্ষাৎকাৰত মালাইকাই কয় যে তেওঁলোকৰ প্ৰেমৰ আঁৰৰ ৰহস্য হৈছে তেওঁলোকৰ শক্তিশালী বন্ধুত্ব। এক সাক্ষাৎকাৰত মালাইকাই তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে বিতংভাৱে কয়। তেওঁ ক'লে, "অৰ্জুনৰ লগত আটাইতকৈ ভাল কথাটো হ'ল মই কেৱল তেওঁৰ লগত যোগাযোগ স্থাপন কৰাই নহয়, তেওঁ মোৰ বেষ্ট ফ্ৰেণ্ডো।"
তেওঁ ক'লে, "নিজৰ বেষ্ট ফ্ৰেণ্ডক ভালপোৱা আৰু প্ৰেমত পৰাটো অতি প্ৰয়োজনীয়।" অৰ্জুনে মোক মোক বুজি পায়, সকলো কথাই মোক কয়। মই ভাবো আমি দুয়ো ইজনে সিজনৰ আটাইতকৈ ডাঙৰ চিয়াৰলিডাৰ।
মালাইকাই কয়, "মই তেওঁৰ লগত সকলো কথা পাতিব পাৰো আৰু যিকোনো সম্পৰ্কত এইটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ কথা।" আপুনি যিদৰেই থাকি ভাল পায় তেনেধৰণেই থকাটো বাঞ্চনীয়। আৰু মই যিদৰে আছা তেনেধৰণে কেৱল অৰ্জুনৰ ওচৰতহে থাকিব পাৰিম।"
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে অভিনেতা আৰবাজ খানৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল মালাইকা আৰু দুয়োৰে আৰহান নামেৰে এটি পুত্ৰ আছে। তেওঁ বিবাহৰ দৰে এটি গুৰুত্বপূৰ্ণ প্ৰথাক ভাল বুলি ভাবিলেও তাত খৰখেদাকৈ বিয়াত সোমাৱাটো বিশ্বাস নকৰে বুলি জানিব দিয়ে।
অৰ্জুনৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ বিষয়ে সোধাত তেওঁ কয়, "মই ভাবো বিবাহ এটা আচৰিত প্ৰথা। লগতে, মই নাভাবো যে সামাজিক প্ৰয়োজনীয়তা বা হেঁচাত আপুনি বিয়া হ'বলৈ খৰখেদা কৰা উচিত।
তেওঁ কয় যে বিবাহ সঠিক কাৰণত হ’ব লাগে। কেতিয়াবা অভিভাৱকে আপোনাক জোৰ কৰি দিয়ে আৰু মানুহে কয় যে আপোনাৰ বাবে বিবাহৰ এয়াই উপযুক্ত সময়। তেওঁ ভাবে যে যদি কোনোৱে উপযুক্ত ব্যক্তিৰ লগত সম্পৰ্কত থাকি বিবাহপাশত আবদ্ধ হয় তেন্তে সেয়া এক মধুৰ সামাজিক ব্যবস্থা।
শেষত তেওঁ কয়, 'মোৰ বিবাহৰ ক্ষেত্ৰত মই ভাবো যে মই এতিয়াই সেই কথাৰ উত্তৰ দিবলৈ সাজু নহয়।'
Leave A Comment