ডিজিটেল ডেস্কঃ দেশৰ বিখ্যাত ব্যৱসায়ী মুকেশ আম্বানীৰ পত্নী নীতা আম্বানীও এগৰাকী সফল ব্যৱসায়ী মহিলা। দেশৰ সফল মহিলাৰ ভিতৰত নীতা আম্বানীৰ নাম গণ্য কৰা হয়।সৌন্দৰ্যৰ ফালৰ পৰাও ধুনীয়া নীতা আম্বানী। নীতা আম্বানীয়ে নিজৰ ফিটনেছৰ যথেষ্ট যত্ন লয়।হয়তো এই কাৰণেই চলচ্চিত্ৰ জগতৰ একাংশ প্ৰযোজক আৰু পৰিচালকে ছবিৰ বাবে নীতাৰ কাষ চাপিছিল,নীতাই উদ্যোগটোত প্ৰৱেশ কৰিব বিচৰা নাছিল, সেয়েহে তেওঁ নাকচ কৰিছিল।
ছিমি গেৰেৱালৰ সৈতে "ৰেণ্ডেজ’ছ উইথ ছিমি গেৰেৱাল" শীৰ্ষক শ্ব’ত এই কথা প্ৰকাশ কৰিছিল খোদ নীতাই। শ্ব’টোত ছিমিয়ে নীতা আম্বানীক সুধিছিল, ‘শুনিছো যে উদ্যোগটোৰ বহু প্ৰযোজকে আপোনাক ছবিত অভিনয় কৰিবলৈ প্ৰস্তাৱ দিছিল। এইটো সঠিক কথা নেকি?'
ছিমিৰ কথা শুনি নীতাই আচৰিত হৈ কয়- "মাৰ আগত কেতিয়াও এই কথা নকবা। হয়, কিন্তু এই কথাটো একেবাৰে সঁচা।সেই সময়ত মই বহুত সৰু আছিলো" নীতাই কয় যে তেওঁ কেতিয়াও উদ্যোগটোত যোগদান কৰাৰ কথা ভবা নাছিল।
উল্লেখযোগ্য যে মুকেশ আম্বানীৰ সৈতে বিয়াত বহাৰ আগতে নীতা আম্বানী স্কুলৰ শিক্ষয়িত্ৰী আছিল। এগৰাকী ভাল শিক্ষয়িত্ৰী আৰু ব্যৱসায়ী হোৱাৰ সমান্তৰালকৈ নীতা আম্বানী এগৰাকী নিপুণ শাস্ত্ৰীয় নৃত্যশিল্পীও।সাক্ষাৎকাৰটোতেই নীতা আম্বানীয়ে কয় যে তেওঁ সৰুৰে পৰা ভাৰত নাট্যম আৰু অন্যান্য নৃত্য শিকিছিল।
Leave A Comment