comScore
  • শিল্পা চেট্টীক জোৰেৰে সাৱটি চুম্বন, ১৬ বছৰৰ পিছত আদালতে দিলে আন এক ৰায়, কি ৰায়?

    মনোৰঞ্জন
    শিল্পা চেট্টীক জোৰেৰে সাৱটি চুম্বন, ১৬ বছৰৰ পিছত আদালতে দিলে আন এক ৰায়, কি ৰায়?
    ডিজিটেল ডেস্কঃ ঘটনাটো ২০০৭ চনত সংঘটিত হৈছিল। এক অনুষ্ঠানত ভাগ লৈ থকাৰ সময়তে হলিউডৰ তাৰকা ৰিচাৰ্ড গেৰে  বলীউডৰ অভিনেত্ৰী শিল্পা চেট্টীক গবা মাৰি ধৰি চুমা খাইছিল। ৰাজুৱা স্থানত এনে আচৰণৰ বাবে এটা গোচৰ ৰুজু হৈছিল। গোচৰটোৰ ৰায় ২০২৩ চনত প্ৰদান কৰা হৈছে। শিল্পা চেট্টীক  হলিউড তাৰকা ৰিচাৰ্ড গেৰেই এনেদৰে চুম্বন  কৰাটো অশ্লীল কাৰ্য বুলি  অভিযোগ কৰা হৈছিল।  আদালতে পিছত  গোচৰটো  খাৰিজ কৰিছিল।

    কিংবদন্তী হলিউড অভিনেতা ৰিচাৰ্ড গেৰে ২০০৭ চনত ৰাজস্থানত এইডছ সজাগতা শিবিৰত অংশগ্ৰহণ কৰিবলৈ ভাৰতলৈ আহিছিল। শিল্পাও সেই শিবিৰতে আছিল। হঠাতে ৰিচাৰ্ডে শিল্পাক সকলোৰে সন্মুখতে সাৱটি ধৰি চুমা খাইছিল। 

    এই ঘটনাটোক লৈ বহু বিতৰ্কহৈছিল। হলিউড আৰু বলীউডৰ দুয়োগৰাকী তাৰকাৰ বিৰুদ্ধে  অশালীনতাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছিল। পিছত, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত গোচৰটো মুম্বাই আদালতলৈ স্থানান্তৰিত কৰা হয়। মুম্বাইৰ মেট্ৰ'পলিটান মেজিষ্ট্ৰেটৰ আদালতে ২০২২ চনত  গোচৰটো খাৰিজ কৰিছিল। দৰাচলতে শিল্পা হলিউড তাৰকাগৰাকীৰ কু- আচৰণৰ ভুক্তভোগী হৈছিল বুলিও  বিচাৰকে গোচৰটো খাৰিজ কৰি কৈছিল।

    কিন্তু ৰাজস্থান আৰক্ষীয়ে আদালতৰ গোচৰ খাৰিজ কৰাৰ  ৰায়টোৰ বিৰুদ্ধে পুনৰ আবেদন  কৰিছিল। অৱশেষত শেহতীয়াকৈ আদালতে গোচৰটো সম্পূৰ্ণৰূপে খাৰিজ কৰে।  ফলত সকাহ পাইছে  শিল্পা চেট্টীৰ লগতে ৰিচাৰ্ড গেৰেই। 






    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlinesv388sabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388