comScore
  • ভাৰতী সিঙে খাদ্য কম নকৰাকৈ হ্ৰাস কৰিলে ১৫ কেজি ওজন, কিন্তু কেনেকৈ জানো আহক

    মনোৰঞ্জন
    ভাৰতী সিঙে খাদ্য কম নকৰাকৈ হ্ৰাস কৰিলে ১৫ কেজি ওজন, কিন্তু কেনেকৈ জানো আহক

    ডিজিটেল ডেস্ক : নিজৰ কৌতুকেৰে
    লাখ লাখ অনুৰাগীক হাঁহিৰ খোৰাক দিয়া কমেডিয়ান ভাৰতী সিঙে বিগত বছৰত বৃহৎ পৰিৱৰ্তনেৰে
    সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। কমেডী শ্ব’ ‘দ্য কপিল শৰ্মা শ্ব’ত অভিনয় কৰাৰ সময়ত
    ভাৰতী সিঙক অতি ক্ষীণকায় চেহেৰাত দেখা গৈছিল কাৰণ তেওঁৰ ওজন প্ৰায় ১৫ কিলো হ্ৰাস হৈছিল।
    যদিও সেই সময়ছোৱাত তেওঁ বহু চিকিৎসাজনিত সমস্যাত পৰিছিল আৰু গৰ্ভধাৰণৰ পৰিকল্পনাও
    কৰি আছিল। কিন্তু ভাৰতী সিঙে খাদ্য ত্যাগ নকৰাকৈয়ে নিজৰ ওজন হ্ৰাস কৰিছিল প্ৰায় ১৫
    কিলোগ্ৰাম। জানো আহক কেনেকৈ?



     ভাৰতী সিঙে তেওঁৰ খাদ্যাভ্যাসৰ
    বিষয়ে কয় যে যোৱা ৩০-৩২ বছৰে মই নিজৰ যত্ন লোৱা নাই আৰু অনিয়মিত সময়ত খাদ্য গ্ৰহণ
    কৰিছিলো। ইয়াৰ ফলত বহুত সমস্যাৰ সৃষ্টি হৈছিল আৰু মই ডায়েবেটিছৰ সমস্যাত ভুগি আছিলো
    লগতে এটা সময়ত মোৰ হাঁপানীও হৈছিল আৰু সহজে ভাগৰি পৰিছিলোঁ। এতিয়া মোৰ অতিৰিক্ত ওজন
    কমোৱাৰ পাছত অতি পাতল অনুভৱ কৰিছো আৰু মোৰ কোনো স্বাস্থ্যজনিত সমস্যা নাই।



     স্বাস্থ্য সন্দৰ্ভত এই ৪টা সহজ
    উপায় মানি চলিছিল ভাৰতী সিঙে-



    ১. মাজে মাজে উপবাস থকাঃ-ভাৰতী
    সিঙে কঠোৰ ব্যায়ামৰ আশ্ৰয় নোলোৱাকৈ ওজন কমাবলৈ মাজে মাজে উপবাস কৰিছিল। খবৰ অনুসৰি
    ভাৰতীয়ে সন্ধিয়া ৭ বজাৰ পাছত একো খোৱা নাছিল আৰু পিছদিনা দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিছিল।
    তেওঁ মাজে মাজে উপবাসো পালন কৰিছিল। ইয়াৰ ফলত শৰীৰৰ বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে আৰু
    কম কেলৰি খোৱাত সহায় কৰে।



    ২. খাদ্যপ্ৰেমী ভাৰতী সিঙে প্ৰায়ে
    কৈছে তেওঁ খাদ্য খাই ভালপোৱাৰ কথা। কিন্তু ভাৰতী সিঙে ডায়েট প্লেন মানি চলিছিল। যিহেতু
    তেওঁ কঠোৰ খাদ্যাভ্যাস মানি চলিছিল, গতিকে খুব সহজেই ওজন হ্ৰাস কৰিব পাৰিছিল।



    ৩. খাদ্য খোৱা নিয়ন্ত্ৰণৰ অভ্যাস-



    খাদ্য পৰিৱৰ্তন কৰিলেও ওজন হ্ৰাস
    কৰাত সঁচাকৈয়ে উপকাৰ পোৱা এটা কথা হ’ল খাদ্য গ্ৰহণৰ প্ৰণালী। এবাৰতে খোৱাৰ পৰিৱৰ্তে
    অলপ অলপকৈ খোৱাৰ অভ্যাস গঢ়ি তোলক।



    ৪. খাদ্য খোৱাৰ সময়-



    অভিনেতাৰ জীৱনটো প্ৰায়ে ব্যস্ততাপূৰ্ণ
    শ্বুটিংসূচী আৰু অস্বাভাৱিক জীৱনশৈলীৰ মাজত পাৰ হয়। সময় অনুযায়ী খাদ্য খোৱাটো গুৰুত্বপূৰ্ণ
    হ’লেও ভাৰতীয়ে নিজৰ জীৱনশৈলীত ডাঙৰ পৰিৱৰ্তন আনি কঠোৰ ৰুটিন মানি চলিছিল। আনকি যেতিয়া
    তেওঁ ব্ৰত নিয়ম মানি চলিছিল, তেতিয়াও খাদ্য নিয়ন্ত্ৰণত ৰাখিছিল আৰু অধিক খোৱাৰ পৰাও
    বিৰত আছিল।

    indojawa88slot thailandsabung ayam onlinesv388Link Agen Sabung Ayam Onlinesv388sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388agen sabung ayamagen sabung ayam