comScore
  • ‘মাক লৈ আলোচনা বন্ধ হওক’; সুস্মিতা-ললিত চৰ্চাত বিৰক্ত জীয়ৰীয়ে ক’লে যি কথা...

    মনোৰঞ্জন
    ‘মাক লৈ আলোচনা বন্ধ হওক’; সুস্মিতা-ললিত চৰ্চাত বিৰক্ত জীয়ৰীয়ে ক’লে যি কথা...
    ডিজিটেল ডেস্কঃ সুস্মিতাক অৰ্ধাংগিণী বুলি ললিত মোদীয়ে সম্বোধন কৰিছিল ছ’চিয়েল মিডিয়াত। ললিত মোদীৰ এই ঘোষণাৰ পাছৰে পৰাই চলি আছে সুস্মিতা-ললিত চৰ্চা। সুস্মিতাৰ লগত তেওঁৰ বিয়া হোৱা নাই, ডেটিং কৰি আছে, ললিত মোদীয়ে দ্বিতীয়বাৰৰ বাবে এই পোষ্টটো পোষ্ট কৰাৰ পিছতো বন্ধ নহ’ল  আলোচনা। বৰঞ্চ নেটিজেনে প্ৰাক্তন মিছ ইউনিভাৰ্ছ তথা আই পি এলৰ প্ৰাক্তন অধ্যক্ষ ললিত মোদীক লৈ নানা বিষয়ে বিভিন্ন কটু মন্তব্য কৰা দেখিবলৈ পোৱা যায়।

    অৱশ্যে, মাতৃৰ বিষয়ে নেটিজেনে এনেদৰে নানা মন্তব্য কৰা কথাক সহজে মানি ল’ব পৰা নাই সুস্মিতা তনয়া ৰেনী সেনে। মাতৃক লৈ এনেদৰে আলোচনা হোৱাত ক্ষোভিত ৰেনে সেন। অৱশেষত, মুখ খুলিবলৈ বাধ্য হ’ল সুস্মিতাৰ জীয়ৰী ৰেনেই।

    সুস্মিতা সেনে নিজৰ ইনষ্টাগ্ৰাম প্ৰফাইলত এখন ছেলফী পোষ্ট কৰে। তেওঁ কেপচনত লিখিছে, ‘মই তোমাক বহুত ভাল পাওঁ। সমস্ত আলোচনা বন্ধ হওক।’ পৰম্পৰাগত ভংগীমাৰে তেওঁ লিখিছে, ‘দুগ্গা, দুগ্গা।’

    তথাপিতো অন্ত পৰা নাই চৰ্চাৰ। জীয়ৰীৰ আক্ষেপ তথা ক্ষোভৰ পৰিভাষা নেটিজেনে অনাগত সময়ত কিদৰে লয় সেয়া কিন্তু লক্ষ্যণীয় হৈ পৰিছে।