• পুনৰ দেশক উজ্বলালে দীপিকা পাডুকনে! অস্কাৰৰ চ’ছিয়েল মিডিয়া পেজত দেখা গ’ল দীপিকাৰ গানৰ ক্লিপ

    মনোৰঞ্জন
    পুনৰ দেশক উজ্বলালে দীপিকা পাডুকনে! অস্কাৰৰ চ’ছিয়েল মিডিয়া পেজত দেখা গ’ল দীপিকাৰ গানৰ ক্লিপ
    ডিজিটেল ডেস্কঃ  অস্কাৰৰ সৈতে দীপিকা পাডুকনৰ সম্পৰ্ক অটুত আছে। যোৱা বছৰ অস্কাৰৰ মঞ্চত উপস্থিত আছিল অভিনেত্ৰীগৰাকীয়ে এই বঁটা প্ৰদানৰ বাবে। এইবাৰ একাডেমী (Academy of Motion Picture Arts) য়ে তেওঁলোকৰ ছ’চিয়েল মিডিয়া পেজত দীপিকাৰ ছবিখনৰ এটা গীতৰ দৃশ্য শ্বেয়াৰ কৰিলে। স্বাভাৱিকতে অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকলে ইয়াক দেখি আনন্দিত হয়।

    একাডেমীয়ে ২০১৫ চনৰ দীপিকা অভিনীত ‘বাজীৰাও মস্তানী’ ছবিৰ ‘দীৱানী মস্তানী’ গীতটো তেওঁলোকৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে। ইয়াৰ লগতে লিখা আছে, "দীপিকা পাডুকনে বাজীৰাও মস্তানীত 'দীৱানী মস্তানী' গীতটিত নৃত্য কৰি আছে। " দীপিকাৰ বাহিৰেও সঞ্জয় লীলা ভাঞ্চালীৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত আছিল ৰণবীৰ সিং আৰু প্ৰিয়ংকা চোপ্ৰা। অগণন অনুৰাগীৰ দৰে এই বিষয়টো দীপিকাৰ স্বামী ৰণবীৰৰ দৃষ্টিৰ পৰা সাৰি যোৱা নাই। ভিডিঅ’টোৰ তলত বাজিৰাৱে লিখিছে, “এনথ্ৰেলড”। এই গীতটি কণ্ঠদান কৰিছিল শ্ৰেয়া ঘোষালে। লগতে কমেণ্ট বক্সত ভিডিঅ’টো শ্বেয়াৰ কৰাৰ বাবে অস্কাৰ কৰ্তৃপক্ষক ধন্যবাদ জনায়।

    অনুৰাগীৰ এটা অংশৰ মতে এই ছবিখন ভাৰতীয় চিনেমা সংগীতৰ এক মাইলৰ খুঁটি। গীতটোক একাডেমীয়ে স্বীকৃতি দিয়ে। বিগত বছৰ অস্কাৰৰ মঞ্চত ভাৰতীয় ছবি ‘আৰ আৰ আৰ’ ‘নতু নাতু’ই শ্ৰেষ্ঠ সংগীতৰ খিতাপ লাভ কৰিছিল। মঞ্চত এই গীতটিৰ পৰিবেশনৰ কথা ঘোষণা কৰাৰ দায়িত্ব আছিল দীপিকাৰ।