Regional
Digital Desk: India is set to celebrate its 76th Republic Day on January 26, 2025. The annual event celebrates India's democratic foundation as well as its diversity, togetherness, and strength.
color:#2E2E2E;mso-bidi-language:AS">ডিজিটেল ডেস্কঃ মাক নোহোৱা হ’লে আজি বলিউডৰ
আগশাৰীৰ ষ্টাৰ নহ’লহেঁতেন দীপিকা পাডুকন। মাকে অভিনেত্ৰীগৰাকীৰ মানসিক সমস্যা দূৰ
কৰাত সহায় নকৰা হ’লে আজি এই পৰ্যায় নাপালেহেঁতেন দীপিকা। এই অনুভৱ ব্যক্ত কৰিছে
অভিনেত্ৰীগৰাকীয়ে নিজে। তামিলনাডুৰ থিৰুভাল্লুৰত দীপিকাই তেওঁ নিজা ফাউণ্ডেচন
‘লাইভ লভ লাফ’ৰ এটা অনুষ্ঠানৰ বাবে উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এইদৰে ব্যক্ত
কৰিছে।
color:#2E2E2E;mso-bidi-language:AS">উল্লেখযোগ্য যে ১০ অক্টোবৰত বিশ্ব মানসিক
স্বাস্থ্য দিৱস উদযাপন কৰা হয়। আনহাতে উক্ত ফাউণ্ডেচনটোৰ জৰিয়তে অভিনেত্ৰীগৰাকীয়ে
মানসিক ৰোগ, ডিপ্ৰেছনৰ ওপৰত বিভিন্নধৰণৰ কাৰ্যপন্থা হাতত লৈ আহিছে। সেই উপলক্ষে
থিৰুভাল্লুৰৰ গ্ৰাম্য অঞ্চলসমূহত নিজৰ ফাউণ্ডেচনৰ কাৰ্যপন্থা হাতত লোৱা হৈছে।
color:#2E2E2E;mso-bidi-language:AS">দীপিকাই কয় যে তেওঁ দীৰ্ঘদিন ধৰি মানসিক ৰোগত
আক্ৰান্ত হৈছিল কিন্তু তেওঁৰ পৰিয়ালৰ সহায়-সহযোগিতাৰ বাবে ই নিৰ্মূল হয়। তেওঁ কয়
যে মানসিক ৰোগ দূৰ কৰিবলৈ পৰিয়ালৰ সহযোগিতা গুৰুত্বপূৰ্ণ। এইক্ষেত্ৰত তেওঁ নিজৰ
উদাহৰণ দাঙি ধৰে। কয় যে মাক আৰু ভগ্নীয়ে তেওঁৰ মানসিক ৰোগৰ লক্ষণসমূহ চিনাক্ত কৰি
তেওঁক সুন্দৰভাৱে সহযোগিতা আগবঢ়াইছিল।
color:#2E2E2E">
color:#2E2E2E;mso-bidi-language:AS">তেওঁৰ মানসিক সমস্যা দূৰীকৰণত মাকৰ ভূমিকা বিশেষভাৱে
সোঁৱৰণ কৰি দীপিকাই কয় যে মাকে সহযোগিতা নকৰা হ’লে আজি তেওঁৰ কি অৱস্থা হ’লহেঁতেন
কল্পনাও কৰিব নোৱাৰে। মানসিক ৰোগত আক্ৰান্ত হৈ থকাৰ সময়ছোৱাত তেওঁ নিয়মিয়াকৈ
চিকিৎসা গ্ৰহণ কৰিছিল আৰু চিকিৎসকসকলৰ পৰামৰ্শ গ্ৰহণ কৰিছিল।
color:#2E2E2E;mso-bidi-language:AS">উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও ২০১৫ চনত দীপিকাই
মানসিক সমস্যা, ডিপ্ৰেছন ইত্যাদিৰ বিষয়ত মুখ খুলিছিল। বৰ্তমান তেওঁ শ্বাহৰুখ খানৰ ‘পাঠান’,
হৃতিক ৰোশনৰ ‘ফাইটাৰ’, অমিতাভ বচ্ছনৰ অভিনয়সম্বলিত হলিউডৰ চিনেমা ‘দ্যা ইণ্টাৰ্ণ’ৰ
কামত ব্যস্থ আছে।
color:#2E2E2E">
Leave A Comment