• পথ দুৰ্ঘটনাত সেনা বিষয়াৰ পত্নীৰ কৰুণ মৃত্যু

    মনোৰঞ্জন
    পথ দুৰ্ঘটনাত সেনা বিষয়াৰ পত্নীৰ কৰুণ মৃত্যু
    ডিজিটেল ডেস্কঃ ভাৰত-পাকিস্তান যুদ্ধৰ আশংকাৰ মাজতে সেনাই সকলো বিষয়াৰ ছুটী বাতিল কৰিছে। সেই অনুসৰি  দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’ত কৰ্তব্যৰ বাবে উভতি আহি থকা দিল্লীৰ বাসিন্দা মেজৰ বিক্ৰম গুপ্তাৰ গাড়ীৰ টায়াৰ ফাটি যায়, ফলত তেওঁলোকৰ গাড়ীখন ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাত তেওঁৰ পত্নী বৈশালী বাজপেয়ীৰ থিতাতে মৃত্যু হয়, আনহাতে তেওঁৰ ৩ বছৰীয়া কন্যা ৰিহানা গুৰুতৰভাৱে আহত হৈ  আলৱাৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

    হেড কনিষ্টবল ফকৰুদ্দিনে জনোৱা মতে, দিল্লী-মুম্বাই ঘাইপথত মেজৰ বিক্ৰম গুপ্তাৰ গাড়ীৰ টায়াৰ ফাটি যোৱাৰ ফলত তেওঁৰ পত্নীৰ থিতাতে মৃত্যু হয়, আনহাতে তেওঁৰ কন্যা গুৰুতৰভাৱে আহত হৈ আলৱাৰ জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। দিল্লীৰ দিলশাদ গাৰ্ডেনৰ সমীপত বাস কৰা মেজৰ বিক্ৰম গুপ্তাই শেহতীয়াকৈ পত্নী আৰু কন্যাৰ সৈতে আত্মীয়-স্বজনক লগ কৰিবলৈ কোটালৈ গৈছিল। এই সময়ছোৱাতে তেওঁ সেনা মুখ্য কাৰ্যালয়ৰ পৰা ছুটী বাতিলৰ তথ্য লাভ কৰিছিল, তাৰপাছত তেওঁ পৰিয়ালসহ দিল্লীলৈ উভতি আহিছিল।

    দিল্লী-মুম্বাই এক্সপ্ৰেছৱেৰ নৌগানভা থানা এলেকাৰ ৮২ নম্বৰ কালভাৰ্টৰ সমীপত হঠাতে মেজৰৰ গাড়ীৰ টায়াৰ ফাটি যায়, যাৰ ফলত গাড়ীখন নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ দুৰ্ঘটনাৰ সন্মুখীন হয়।

    দুৰ্ঘটনাটোত গাড়ীখনৰ পৰা পথত বাগৰি পৰে বৈশালী আৰু ৰিহানা। পথচাৰীৰ সহায়ত দুয়োকে লগে লগে আলৱাৰ চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু চিকিৎসকে বৈশালীক মৃত ঘোষণা কৰে। ৰিহানাৰ অৱস্থা এতিয়াও সংকটজনক। আৰক্ষীয়ে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা কৰি পৰিয়ালক গতাই দিছে। দুৰ্ঘটনাৰ পিছতে পৰিয়ালৰ লগতে সেনাবাহিনীৰ মাজত গভীৰ শোকৰ ছাঁ পৰিছে।