ডিজিটেল ডেস্কঃ দেৱলীনা ভট্টাচাৰ্যৰ বিয়াকলৈ এতিয়াও বিভিন্ন মহলত ব্যাপক চৰ্চা চলিয়েই আছে। অভিনেত্ৰীগৰাকীয়ে কিয় গোপনে বিয়াত বহিল সেয়াও বহুতৰে বাবে আলোচনাৰ বিষয় হৈ পৰিছে। বহুতে ধাৰণা কৰিছে যে দৰা মুছলমান হোৱা বাবেই দেৱলীনাই হয়তো সামাজিকভাবে বিয়াত বহা নাই।
এনে অনুমাণৰ মাজতে গোপনে বিয়াত বহাৰ কাৰণ বাখ্যা কৰিছে দেৱলীনাই। উল্লেখ্য ১৪ ডিচেম্বৰত দেৱলীনাই গোপনে জিম প্ৰশিক্ষক শ্বাহনাৱাজ শ্বেখৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।
দেৱলীনা ভট্টাচাৰ্যই কয় যে সামাজিকভাবে বিয়া পাতি তেওঁ এসোপা ধন মিছাতে খৰচ কৰাৰ পক্ষপাতী নহয়। সেই ধন কষ্টেৰে অৰ্জা ধন। বহুদিন ধৰি কষ্ট কৰি পোৱা ধন এদিনৰ এটা অনুষ্ঠানতে খৰচট কৰি পেলোৱাটো উচিৎ নহয় বুলিও দেৱলীনাই কৈছে।
তেওঁ লগতে কয় যে বিয়াত খৰচ কৰিবলগীয়া ধনেৰে তেওঁ আন কোনো দুৰ্গত লোকক সহায় কৰিব পাৰিব। সেইবাবেই তেওঁ জাকজমকতাৰে নিজৰ বিয়া নাপাতি গোপনে বিয়াত বহিছে। দেৱলীনাৰ বিয়াৰ খবৰ প্ৰচাৰ হোৱাৰ পিছতে মুছলমান যুৱকৰ সৈতে বিয়াত বহাৰ বাবে বহুতে তেওঁক তীৰ্যক সমালোচনাও কৰিছে। বহুতে আনকি দেৱলীনাৰ বিয়াৰ সৈতে দিল্লীৰ শ্ৰদ্ধা হত্যাকাণ্ডৰ বিষয়টোও টানি আনিছে।
এই প্ৰসংগত দেৱলীনাই কয় যে সকলো মানুহ একে নহয় আৰু তেওঁ বিয়া কাৰ সৈতে হ’ব সেয়া তেওঁৰ ব্যক্তিগত বিষয়।
Leave A Comment