comScore
  • ৰাজৰ অৰাজকতা! পৰ্ণ ফিল্ম নহয় এইবাৰ শিল্পাৰ স্বামীৰ বিৰুদ্ধে অবৈধ ধন লেনদেনৰ অভিযোগ

    মনোৰঞ্জন
    ৰাজৰ অৰাজকতা! পৰ্ণ ফিল্ম নহয় এইবাৰ শিল্পাৰ স্বামীৰ বিৰুদ্ধে অবৈধ ধন লেনদেনৰ অভিযোগ
    ডিজিটেল ডেস্কঃ কৈ থাকিলে যেন ওৰকে নপৰে শিল্পা-ৰাজ পৰিয়ালৰ কথা। ভিন্ন অভিযোগেৰে সদায়ে তেওঁলোকে সংবাদ শিৰোনাম দখল কৰি থাকে। এইবাৰ ইডি-এ অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে পৰ্ণ চলচ্চিত্ৰ নিৰ্মাণৰ গোচৰৰ সন্দৰ্ভত অবৈধ ধন ৰপ্তানিৰ অভিযোগ উত্থাপন কৰিছে। সংবাদ সংস্থা এএনআইয়ে জনাইছে যে পেছাগত ব্যৱসায়ী ৰাজৰ বিৰুদ্ধে বৃহস্পতিবাৰে বিত্তীয় অপৰাধৰ তদন্তৰ দায়িত্বত থকা কেন্দ্ৰীয় সংস্থাটোৱে গোচৰ ৰুজু কৰিছে।

    ৰাজক বিগত বছৰৰ জুলাইত মুম্বাই আৰক্ষীয়ে পৰ্ণ চলচ্চিত্ৰ নিৰ্মাণৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। কেইমাহমান কাৰাগাৰত থকাৰ পাছত তেওঁ জামিনত মুক্তিলাভ কৰিছিল। ৰাজৰ ওপৰত পৰ্ণ চলচ্চিত্ৰ নিৰ্মাণৰ অভিযোগ থকাৰ লগতে এটা বিশেষ এপৰ জৰিয়তে তেওঁৰ মোবাইল ফোনত বিয়পাই দিয়াৰ অভিযোগ আছে। ইডিয়ে অভিযোগ কৰিছিল যে তেওঁ সেই ব্যৱসায়ত অবৈধ বিত্তীয় লেনদেনত পোনপটীয়াকৈ জড়িত আছিল। ঘটনাক্ৰমে, মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই ইতিমধ্যে কেলেংকাৰিটোৰ সন্দৰ্ভত ৰাজৰ বিৰুদ্ধে আদালতত ১,৫০০ পৃষ্ঠাৰ অভিযোগপত্ৰ দাখিল কৰিছে।

    যোৱা নৱেম্বৰত নীতিন গাৰাই নামৰ এজন ব্যৱসায়ীয়ে ৰাজ আৰু শিল্পাৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ দাখিল কৰিছিল। নিতিনে আৰক্ষীক কৈছিল যে কাচিফ খান নামৰ এজন ব্যক্তিয়ে নিতিনক তেওঁৰ জিম 'এছএফএল ফিটনেছ'ৰ কোম্পানীত ১.৫ কোটি টকা বিনিয়োগ কৰিবলৈ কৈছিল। শিল্পা আৰু ৰাজ কাচিফৰ সৈতে আছিল। তেওঁলোকে নিটিনক কোম্পানীটোৰ এটা ফ্ৰেঞ্চাইজিৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু কোনো প্ৰতিশ্ৰুতি ৰাজ, শিল্পা বা তেওঁলোকৰ সহকাৰী কাচিফে পূৰণ কৰা নাছিল। যদি নিতিনে বিনিয়োগৰ ধন ঘূৰাই দিব বিচাৰে, ৰাজে তেওঁক বিভিন্ন ধৰণে ভয়-ভাবুকি দিয়ে।


    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlineslot gacorsabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesabung ayam onlinesv388