• অকলে নীৰৱে-নিৰলে খোজকাঢ়িছে বিগ বিয়ে...বাটৰুৱাৰ ভুল ভাঙে কোনে?

    মনোৰঞ্জন
    অকলে নীৰৱে-নিৰলে খোজকাঢ়িছে বিগ বিয়ে...বাটৰুৱাৰ ভুল ভাঙে কোনে?
    ডিজিটেল ডেস্কঃ এজন সাধাৰণ মানুহৰ দৰেই ৰাজপথেৰে খোজকাঢ়িছে অমিতাভ বচ্চনে। বাটৰুৱাই ৰূপালী পৰ্দাৰ ছুপাৰষ্টাৰজনক এনেকৈ দেখি আপ্লুত হৈ পৰাটো স্বাভাৱিক। বলীউডৰ বিগ বিয়ে এনেদৰে অকলে খোজকঢ়া কথাটো পিছে বিশ্বাসত ল’ব পৰা নাই বাটৰ বাটৰুৱাই!

    দৰাচলতে, ব্যক্তিজন অমিতাভ বচ্চন নহয়; তেওঁৰ দৰে হুবহু একে মুখ আৰু শাৰীৰিক গঠনৰ আন কোনোবা। তাৰকাৰ দৰে চুলি কটা, কথা কোৱা আৰু খোজকঢ়াৰ ভংগী অনুকৰণ কৰা দেখা যায় বহুতকে।

    বলীউড শ্বেহেনশ্বাহৰ এনে আচাৰ-ব্যৱহাৰক ইয়াৰ আগতেও বহুতে নকল কৰিছে। টেলিভিছনৰ পৰ্দাতো তেওঁক অনুকৰণ কৰা দেখিবলৈ পোৱা যায় প্ৰায়ে। কিন্তু অমিতাভৰ অনুকৰণ কৰি নিশা ভাৰতৰ ৰাজপথত খোজ কাঢ়ি যোৱা মানুহজনে সকলোৰে চকু কপালত তুলিছে। এফালে অমিতাভৰ দৰেই তেওঁৰ আচাৰ-ব্যৱহাৰ, আনফালে তেওঁৰ শাৰিৰীক গঠন কিম্বা আকাৰো সাইলাখ শ্বেহেনশ্বাহৰ দৰেই। আৰু শেহতীয়াকৈ নকল অমিতাভে খোজকঢ়াৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ভাৰতীয় সংবাদ মাধ্যমত। ভিডিঅ'টোত দেখিবলৈ পোৱা গৈছে অমিতাভৰ 'শ্বেহেনশ্বাহ'ৰ গীত 'অন্ধেৰী ৰাতো মেইন' বাজি আছে, আৰু ভুৱা অমিতাভ বচ্চনে নীৰৱ ৰাজপথত খোজ কাঢ়িছে।

    হিন্দুস্তান টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশ পোৱা মতে, এই ব্যক্তিজনৰ নাম শশীকান্ত পেৰৱাল। পুনেৰ এখন বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে তেওঁ। কেৱল মাত্ৰ দেখিবলৈ শশীকান্ত ৬ ফুট ওখ অমিতাভৰ দৰে নহয়। মাতটোতো আছে মিল। 

    মন কৰিবলগীয়া যে, বলীউডৰ বহু ছুপাৰষ্টাৰৰ সাইলাখ একেই ৰূপৰ মিমিক্ৰী কৰা দেখা যায়। এই কথাবোৰে ৰোমাঞ্চিত কৰি তোলে নেটিজেনক। শশীকান্তইয়ো অমিতাভৰ সাইলাখ ৰূপেৰে দিছেহি চমক...!