International
Digital Desk: Hamas handed over three female Israeli hostages through the Red Cross as part of the ceasefire deal between Israel and Hamas-led Palestine on Sunday evening. The released hostages are Romi Gonen,
ডিজিটেল
ডেস্ক : হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতাসকলৰ কথা যেতিয়াই উল্লেখ কৰা হয়, তেতিয়াই বিক্ৰম
গোখলেৰ নাম নিশ্চিতভাৱে তালিকাত অন্তৰ্ভুক্ত হ’ব। অৱশ্যে ২৬ নৱেম্বৰত বিক্ৰম গোখলে
এই পৃথিৱী পৰা বিদায় লয়, কিন্তু ছবিৰ জৰিয়তে তেওঁক সদায় স্মৰণ কৰিব অনুৰাগীয়ে। বিক্ৰম
গোখলেৰ মৃত্যুৰ ৩দিনৰ পাছত তেওঁৰ অন্তিমখন ছবি ‘সুৰ লাগু দে’ ঘোষণা। ইয়াৰ সমান্তৰালকৈ
বিক্ৰমৰ ছবিখনৰ মুক্তিৰ তাৰিখো নিৰ্মাতাসকলে ইতিমধ্যে ঘোষণা কৰিছে।
বিক্ৰম
গোখলেৰ অন্তিমখন ছবি-
প্ৰবীণ
অভিনেতা বিক্ৰম গোখলে তেওঁৰ চলচ্চিত্ৰ কেৰিয়াৰত বহু ছবি কৰিছিল যদিও তেওঁৰ মৃত্যুৰ
পাছত সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰি আছে বিক্ৰম গোখলেৰ শেষৰখন ছবিৰ বাবে। ইফালে বিক্ৰম
গোখলেৰ শেষৰখন চিনেমাৰ ঘোষণাই নিশ্চয় তেওঁৰ অনুৰাগীৰ বাবে কিছু হ’লে সুখবৰ কঢ়িয়াই
আনিছে। মঙলবাৰে হিন্দী চলচ্চিত্ৰ সমালোচক তৰণ আদৰ্শে বিক্ৰম গোখলেৰ অন্তিমখন ছবিৰ বিষয়ে
তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত তথ্য প্ৰদান কৰিছে।
তৰণৰ
মতে বিক্ৰম গোখলেৰ শেষৰখন ছবি হৈছে মাৰাঠী চিনেমা ‘সুৰ লাগু দে’। এই মাৰাঠী ছবিত মুখ্য
চৰিত্ৰত দেখা যাব বিক্ৰম গোখলেক। তেওঁৰ এই ছবিৰ জৰিয়তে বিক্ৰম গোখলেৰ আভাস শেষবাৰৰ
বাবে ডাঙৰ পৰ্দাত দেখা যাব। বিক্ৰম গোখলেৰ উপৰি বলীউডৰ অভিনেত্ৰী সুহাছিনী মুলায় আৰু
ৰীনা মধুকৰেও মাৰাঠী ছবি ‘সুৰ লাগু দে’ত গুৰুত্বপূৰ্ণ চৰিত্ৰত উপস্থিত আছে।
বিক্ৰম
গোখলেৰ শেষৰখন চিনেমা কেতিয়া মুক্তি পাব?
Leave A Comment