ডিজিটেল ডেস্কঃ জন্মসূত্ৰে তেওঁ শ্ৰীলংকাৰ। অৱশ্যে, গ্লেমাৰ জগতৰ জনপ্ৰিয় হৈছে জেকলিন ফাৰ্নাণ্ডেজ নামেৰে। অভিনয় দক্ষতাৰ উপৰি সাজ-পোছাক পৰিধানৰ ধাৰণাটোৰ বাবেও তেওঁৰ আছে বিশেষ খ্যাতি। জেকলিনক কেন্দ্ৰ কৰি প্ৰায়েই ৰাজহুৱা স্থানত নানা বিষয়ক লৈ হয় চৰ্চা। শেহতীয়াকৈ পুনৰ তেনে এক ঘটনা পোহৰলৈ আহিছে।
মুম্বাইৰ ৰাজপথত দেখিবলৈ পোৱা গ’ল এইগৰাকী অভিনেত্ৰীক। ‘বচ্চন পাণ্ডে’ৰ অভিনেত্ৰীগৰাকীয়ে পিন্ধিছিল গাখীৰৰ দৰে বগা পুৰণি ষ্টাইলৰ ছালৱাৰ কামীজ। বুকুৰ ওপৰভাগ ওৰণিৰে আৱৰা। চকুত চশমা আৰু হাতত এটা পানীৰ বটল। মুকুতাৰ দৰে হাঁহি এটা মাৰি কেমেৰাৰ সন্মুখত প’জ দিলে জেকলিনে। ভিডিঅ’টো প্ৰকাশ পোৱাৰ পাছতে মুগ্ধ হৈ পৰিছে অনুৰাগী। ইয়াৰ মাজতে একাংশৰ চকু গ’ল আন ঠাইলৈ।
অভিনেত্ৰী গৰাকীৰ বাওঁ গালত এয়া কিহৰ দাগ? ভালপোৱাৰ কামোৰ নহয়তো? পিছে কোনে কামুৰিলে অভিনেত্ৰীৰ গালত? এতিয়া এই কথাটোক লৈয়ে আৰম্ভ হৈছে অন্তহীন জল্পনা-কল্পনাৰ।
বিগত মাহত ইডিয়ে জেকলিনৰ প্ৰায় ৬.৫ কোটি টকাৰ সম্পত্তি জব্দ কৰিছিল। ইডিৰ মতে, অভিনেত্ৰীগৰাকীয়ে সুকেশৰ সৈতে হাত মিলাইছে। পুৰণি গোচৰত জড়িত হ’বলৈ তেওঁ প্ৰায়ে আদালতলৈ যাবলগীয়া হয়। তাৰে মাজতে অভিনেত্ৰীগৰাকীৰ এনে কথাবোৰে হাঁহিৰ খোৰাক দিছে অনুৰাগীক।
Leave A Comment