comScore
  • জোতা পিন্ধি মন্দিৰৰ ঘণ্টা বজাই বিতৰ্কত ৰণবীৰ, আকৌ উঠিছে ‘বয়কট বলীউড’ৰ আহ্বান

    মনোৰঞ্জন
    জোতা পিন্ধি মন্দিৰৰ ঘণ্টা বজাই বিতৰ্কত ৰণবীৰ, আকৌ উঠিছে ‘বয়কট বলীউড’ৰ আহ্বান
    ডিজিটেল ডেস্কঃ দৌৰি আহি মন্দিৰৰ ঘণ্টা বজাইছে ৰণবীৰ কাপুৰে! কিন্তু এয়া কি? জোতা পিন্ধি মন্দিৰত প্ৰৱেশ ৰণবীৰৰ! বুধবাৰে ‘ব্ৰহ্মাস্ত্ৰ’ৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ পিছতে এনে প্ৰশ্ন উত্থাপন কৰিছে নেটিজেনে। মুক্তিৰ পূৰ্বেও পৰিচালক অয়ন মুখাৰ্জীৰ এই ছবিখনক লৈ বহু বিতৰ্কই ক্ৰিয়া কৰা দেখা গৈছিল।

    হিন্দু পুৰাণ, ভগৱানৰ অস্তিত্ব, ঐশ্বৰিক শক্তিৰ উপস্থিতি আৰু ইয়াৰ উপলব্ধি, ‘ব্ৰহ্মাস্ত্ৰ’ৰ ট্ৰেইলাৰত ছবিখনৰ বিষয়বস্তু স্পষ্ট হৈ পৰিছে। কাহিনীটোৰ কেন্দ্ৰবিন্দুত আছে ‘শিৱ’ অৰ্থাৎ ৰণবীৰ কাপুৰ। শিৱ ইয়াত ছুপাৰহিৰো নহয়, এজন পৌৰাণিক নায়ক। ঈশ্বৰক কোনে উপলব্ধি কৰিব পাৰে আৰু এনে চৰিত্ৰৰ যোগেদি জোতা পিন্ধি মন্দিৰৰ ঘণ্টা বজোৱাৰ ভুল কেনেকৈ কৰিলে পৰিচালকে? প্ৰশ্ন উত্থাপন কৰিছে নেটিজেনে। 

    কোনোবাই আকৌ বলীউডৰ তাৰকাৰ সৈকে দক্ষিণৰ ছবিৰ তুলনা কৰিছে। নেটিজেনে অভিযোগ উত্থাপন কৰিছে যে, দক্ষিণৰ ছবিসমূহে সদায় পৰম্পৰাগত ধৰ্মৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি আহিছে, আনহাতে বহু বলীউড ছবিয়ে বিভিন্ন বিষয়ত হিন্দুসকলৰ ধৰ্মীয় আৱেগক বাৰে বাৰে আঘাত কৰি আহিছে। এই প্ৰেক্ষাপটত আকৌ উঠিছে ‘বয়কট বলীউড’ৰ আহ্বান।

    প্ৰসংগক্ৰমে ‘ব্ৰহ্মাস্ত্ৰ’ৰ ট্ৰেইলাৰত এটা চৰিত্ৰত ত্ৰিশূল হাতত লৈ থকা অৱস্থাত দেখা গৈছে। নেটিজেনৰ অনুমান, এই ব্যক্তিজন শ্বাহৰূখ খান। যদিও ট্ৰেইলাৰত ত্ৰিশূল ধৰি থকা ব্যক্তিজনৰ মুখ স্পষ্ট নহয়। অৱশ্যে কিং খানে এক সাক্ষাৎকাৰত স্বীকাৰ কৰিছিল যে তেওঁ ‘ব্ৰহ্মাস্ত্ৰ’ ছবিখনত কেমিঅ’ৰ চৰিত্ৰত অভিনয় কৰিছিল। ৰণবীৰ আৰু আলিয়াৰ উপৰি ছবিখনত অভিনয় কৰিছে অমিতাভ বচ্চন, মৌনি ৰায়, নাগাৰ্জুন আদি কেইবাজনো প্ৰখ্যাত অভিনেতাই।