ডিজিটেল ডেস্কঃ পোছাকৰ বাবেই প্ৰতিদিনে কটাক্ষৰ সন্মুখীন হয় উৰ্ফি জাভেদ। ফেশ্বন চেন্সৰ বাবে প্ৰায়ে উপহাস কৰা হয় উৰ্ফিক। অৱশ্যে, নেটিজেনৰ কথাক ইমান গুৰুত্ব নিদিয়ে ডেমকেয়াৰ উৰ্ফিয়ে। নিজৰ ছন্দত, নিজৰ ইচ্ছানুসাৰে পোছাক পৰিধান কৰে তেওঁ। এইবাৰ হলিউডৰ ডিজাইনাৰ হেৰিছ ৰিডে উৰ্ফিৰ ফেশ্বন চেন্সৰ প্ৰশংসা কৰা দেখা গৈছে।
উৰ্ফিয়ে পূৰ্বেও উল্লেখ কৰিছে যে, তেওঁ নিজৰ পোছাক নিজে ডিজাইন কৰে। কেতিয়াবা কেণ্ডি ফ্লছ, কেতিয়াবা ছেফটিপিন, কেতিয়াবা আকৌ ৰছীৰেই পোছাক তৈয়াৰ কৰি সংবাদ শিৰোনাম দখল কৰিছে উৰ্ফি জাভেদে। উৰ্ফিয়ে অলপতে বস্তাৰে তৈয়াৰী পোছাক পিন্ধি কটাক্ষৰ সন্মুখীন হ’বলগীয়া হৈছে। কিন্তু যাৰ ফেশ্বন চেন্সক ছ’চিয়েল মিডিয়াত ইমান উপহাস কৰা হৈছে তেওঁকে হলীউড ডিজাইনাৰ হেৰিছ ৰিডে প্ৰশংসাৰে উপচাই দিছে।
কিছুদিন পূৰ্বে উৰ্ফিয়ে হলটাৰ নেক শ্বৰ্টেষ্ট ক্ৰপ টপ পিন্ধিছিল, য’ত কেৱল কাপোৰেৰে তৈয়াৰী দুখন হাতে আবৃত কৰি ৰাখিছিল অভিনেত্ৰীগৰাকীৰ বক্ষযুগল। সেই পোছাক হেৰিছৰ পোছাকৰ পৰা অনুপ্ৰাণিত হৈ তৈয়াৰ কৰিছিল উৰ্ফিয়ে। উৰ্ফিৰ সেই ভিডিঅ’টো নিজেই দেখিছিল ডিজাইনাৰগৰাকীয়ে। এটা ভিডিঅ’ত তেওঁ কয় যে, ‘এই ছোৱালীজনী অতি জনপ্ৰিয়। তাই মোৰ এযোৰ পোছাকৰ ষ্টাইলত পোছাক পিন্ধিছে আৰু ৪.৫ কোটি অনুৰাগীয়ে ইয়াক দেখিছে। সঁচাকৈয়ে আপ্লুত হৈ পৰিছো। ’ এই প্ৰশংসাবাণীয়ে উৰ্ফিক বা ক’লৈ লৈ যায় সেয়াহে হ’ব লক্ষ্যণীয়!
Leave A Comment