ডিজিটেল ডেস্কঃ খাদ্যৰ প্ৰতি তেওঁ বেচ সচেতন। সেইবাবেই দুটি সন্তানৰ মাতৃ কৰীণাই চল্লিশ বছৰ বয়সতো নিজকে দেখনিয়াৰ কৰি ৰাখিবলৈ সক্ষম হৈছে। অৱশ্যে, সুস্বাদু খাদ্যৰ লোভ নিয়ন্ত্ৰণ কৰাটো এটা বৰ ডাঙৰ কথা তাতে আকৌ সেই খাদ্য যদি হয় ঘৰতে ৰন্ধা… তেতিয়া আৰু কথাই সুকীয়া, নহয়নে? সেইবাবে জ্যোতি হুডাই নিজ হাতে ৰন্ধা খাদ্য খাই ‘ফুড ক’মা’ত এইবাৰ কৰীণা কাপুৰ। তেওঁ নিজেই এই কথা প্ৰকাশ কৰিছে। আপোনালোকে হয়তো ভাবিছে কোন এই জ্যোতি হুডা?
জ্যোতি হুডা হৈছে ‘পাতাললোক’ খ্যাত অভিনেতা জয়দীপ আহলাৱতৰ পত্নী। তাৰকাগৰাকীৰ পত্নীৰ সৈতে হোৱা এক সাক্ষাৎকাৰ কাহিনী ইনষ্টাগ্ৰাম ষ্ট’ৰীত শ্বেয়াৰ কৰিছিল কৰীণাই। জ্যোতিৰ ৰন্ধন প্ৰণালীক স্বামীৰ দুৰ্দান্ত অভিনয়ৰ সৈতেও তুলনা কৰে কৰীণাই।
কৰীণা আৰু জয়দীপে একেলগে কাম কৰি আছে সুজয় ঘোষৰ ‘Devotion of Suspect X’ ছিৰিজত। সেইবাবেই দুয়োৰে বন্ধুত্ব হৈ পৰিছে নিবিড়। সহ অভিনেতা গৰাকীয়ে কৰীণাক নিজৰ ঘৰলৈ মাতিছিল, য’ত জয়দীপ পত্নীয়ে নিজ হাতেৰে ৰন্ধা নানাবিধ ব্যঞ্জন খুৱাইছিল কৰীণাক। জ্যোতিৰ হাতৰ এই ব্যঞ্জন গ্ৰহণ কৰি মন্ত্ৰমুগ্ধ কৰীণা। জ্যোতিৰ সৈতে ছবি শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে লিখিছে, ‘ধন্যবাদ জ্যোতি…জয়দীপৰ অভিনয়ৰ দৰেই দুৰ্দান্ত আছিল কাৰি। লগতে দিছে ফুড ক’মাৰ ষ্টিকাৰ। কৰীণা ক’মাত যোৱা বুলি অনুৰাগী হৈল পৰিছে উদ্বিগ্ন। দৰাচলতে, কৰীণাই চিকিত্সা বিজ্ঞানৰ ক্ষেত্ৰত প্ৰচলিত ক’মাত প্ৰৱেশ কৰা নাই- তেওঁ আচলতে ফুড ক’মাতহে প্ৰৱেশ কৰিছে।
সম্প্ৰতি, 'লাল সিং চাদ্দা' ছবিৰ মুক্তিৰ অপেক্ষাত আছে কৰীণা। এই ছবিখনত পুনৰবাৰ ‘থ্ৰী ইডিয়টছ’ৰ সহ অভিনেতা আমিৰ খানৰ সৈতে মঞ্চ শ্বেয়াৰ কৰিব কৰীণাই। ১১ আগষ্টত মুক্তি পাব ছবিখন।
Leave A Comment