comScore
  • ল’ৰাই সৰু ছোৱালীৰ লগত প্ৰেম কৰাটো স্বাভাৱিক কিন্তু ছোৱালীয়ে সৰু ল’ৰাক কিয় ভালপাব নোৱাৰে? এই প্ৰশ্ন মালাইকা-ফাৰাহ খানৰ

    মনোৰঞ্জন
    ল’ৰাই সৰু ছোৱালীৰ লগত প্ৰেম কৰাটো স্বাভাৱিক কিন্তু ছোৱালীয়ে সৰু ল’ৰাক কিয় ভালপাব নোৱাৰে? এই প্ৰশ্ন মালাইকা-ফাৰাহ খানৰ
    ডিজিটেল ডেস্কঃ বলীউডৰ তাৰকাসকলৰ ব্যক্তিগত জীৱনক লৈ প্ৰায়ে চৰ্চা হয়। শেহতীয়াকৈ বলীউডৰ পৰিচালক ফাৰাহ খানে নিজৰ ব্যক্তিগত জীৱনৰ কথা মুকলি কৰিছে। ফাৰাহ খানে ৮ বছৰ সৰু শিৰিশ কুন্দৰৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ কথা বহু লোকেই জানে। শেহতীয়াকৈ ফাৰাহ খানে মালাইকা আৰোৰাৰ ‘মুভিং ইন উইথ মালাইকা’ শ্ব’লৈ আহি জীৱনৰ বহু কথা ব্যক্ত কৰে। ফাৰাহ খানে কয় যে তেওঁ তেওঁতকৈ সৰু শিৰিশক বিয়া কৰাই মানুহৰ বহু কথা শুনিছিল।

    মালাইকাইও ফাৰাহ খানৰ কথা শুনি কয় যে, “সদায় সকলো সহজ নহয়। বয়সস্থ মহিলাক লৈ সমাজত বহু কথাই চলি থাকে। সৰু ছোৱালীৰ লগত ল’ৰাই প্ৰেম কৰাটো স্বাভাৱিক। আপোনাৰ যদি ১০ বছৰ ডাঙৰ প্ৰেমিক আছে তেন্তে তেওঁ পৃথিৱীখনেই জয় কৰাৰ দৰে হয়! মানুহে তেওঁৰ পিঠিত থপৰিয়াই চাব্বাচ দিব। কিন্তু সেই একেটা সম্পৰ্ক ছোৱালীজনীয়ে কৰিলে ছোৱালীজনীয়ে বহু গুজৱ শুনিবলগীয়া হয়। কোনেও সেই সম্পৰ্কৰ প্ৰশংসা নকৰে।”

    ল’ৰাই সৰু ছোৱালীৰ লগত প্ৰেম কৰাটো স্বাভাৱিক কিন্তু ছোৱালীয়ে সৰু ল’ৰাক কিয় ভালপাব নোৱাৰে? এই প্ৰশ্ন কৰে মালাইকা আৰোৰা আৰু ফাৰাহ খানে

    উল্লেখ্য যে ২০১৯ চনত মলাইকা আৰু অৰ্জুনে তেওঁলোকৰ সম্পৰ্কৰ কথা ৰাজহুৱা কৰিছিল। ইয়াৰ পিছত এই যুটিটোৱে বয়সৰ পাৰ্থক্যৰ বাবে বহু কটুক্তি শুনিবলগীয়া হৈছিল। অৱশ্যে কৰণ জোহৰৰ সৈতে কফি উইথ কৰণ অনুষ্ঠানত অৰ্জুনে কয় যে তেওঁ বৰ্তমান মলাইকাৰ জীৱন সংগী হোৱাৰ কথা চিন্তা কৰা নাই। তেওঁলোকে আৰু অলপ সময় বিচাৰে।

    আনহাতে, ২০০৪ চনৰ ৪ ডিচেম্বৰত ফাৰাহ খানে ‘মে হুঁ না’ ছবিৰ এডিটৰ শিৰিশ কুন্দৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। কৃত্ৰিম প্ৰজননৰ সহায়ত ২০০৮ চনত দুয়ো একেলগে তিনিটা সন্তানৰ পিতৃ-মাতৃ হয়।