• বহু দুখ-হতাশাক জয় কৰি ঘূৰি আহিছে ফাৰদীন খান! আঁতৰি আছিল ১৪ বছৰ

    মনোৰঞ্জন
    বহু দুখ-হতাশাক জয় কৰি ঘূৰি আহিছে ফাৰদীন খান! আঁতৰি আছিল ১৪ বছৰ
    ডিজিটেল ডেস্কঃ ২০১০ চনত মুক্তি পোৱা ‘দুলহা মিল গয়া’ ছবিত শেষবাৰৰ বাবে পৰ্দাত দেখা গৈছিল অভিনেতা ফাৰদীন খানক। ১৪ বছৰ ধৰি গ্লেমাৰ জগতৰ পৰা আঁতৰি থকা ফাৰদীন খান পুনৰ উভতি আহিবলৈ ওলাইছে অভিনয় জগতলৈ। ফাৰদীন খানৰ ওপৰেৰে বহু ধুমুহা পাৰ হৈ গৈছে। পত্নী নাটাশাৰ ছমহীয়া গৰ্ভাৱস্থাত গৰ্ভতে মৃত্যু হৈছিল যমজ সন্তানৰ। ইয়াৰ পাছতে অভিনেতাজন দুখত ভাঙি পৰিছিল। তেওঁ ডিপ্ৰেছনত ভুগিছিল। 
    Fardeen Khan turns 43: 6 hot photos of the someone that you used to know -  India Today
    ডিপ্ৰেছনৰ বাবে তেওঁৰ ওজন বহুত বৃদ্ধি পাইছিল। কিন্তু বৰ্তমান ফাৰদীন-নাটাশা দুটা সন্তানৰ সৈতে এটা সুখী জীৱন কটাই আছে। দুবছৰমান পূৰ্বে বলীউডলৈ ঘূৰি অহাৰ কথা ঘোষণা কৰিছিল ফাৰদীনে। ওজন কমোৱাৰ পিছত ফাৰদীন আগৰ দৰেই ধুনীয়া হৈ পৰিছে। শেহতীয়াকৈ তেওঁ সঞ্জয় লীলা ভাঞ্চালীৰ নেটফ্লিক্স ৱেব ছিৰিজ ‘হীৰামাণ্ডী’ৰ জৰিয়তে কমবেক কৰিবলৈ ওলাইছে।
    Fardeen Khan on getting body shamed: 'I ...
    এই নাৰীকেন্দ্ৰিক অ’টিটি প্ৰজেক্টত ফাৰদীনৰ উপৰিও মনীষা কৈৰালা, সোণাক্ষী সিনহা, অদিতি ৰাও হাইদৰী, ৰিচা চাধা, সঞ্জিদা শ্বেখ আৰু শাৰ্মিন ছেগালেও অভিনয় কৰিছে। 

    শনিবাৰে প্ৰডাকচন হাউচে উন্মোচন কৰে চাৰিখন নতুন চৰিত্ৰৰ পোষ্টাৰ। হীৰামাণ্ডীৰ জৰিয়তে ১৪ বছৰৰ পাছত পুনৰ পৰ্দালৈ ঘূৰি আহিবলৈ ওলাইছে ফাৰদীন খান। নতুন পোষ্টাৰখনত অভিনেতাগৰাকীক নৱাবী ভংগীমাত বহি থকা দেখা গৈছে। ফাৰদীন চোফাত হেলান দি আছে, কাপোৰত আভিজাত্যৰ স্পৰ্শ দেখিবলৈ পোৱা গৈছে! সন্মুখত ৰখা গহনাৰে ভৰা এটা বাকচ। হীৰামাণ্ডীত তেওঁক ৱলী মহম্মদৰ ৰূপত দেখা যাব।
    Heeramandi: Fardeen Khan makes a comeback after 14 years with Sanjay Leela  Bhansali series. Check out first look poster | Web Series - Hindustan Times
    শেখৰ সুমন আৰু পুত্ৰ অধ্যয়ন সুমনেও এই নেটফ্লিক্স ছিৰিজৰ অংশ হৈছে। বহু প্ৰতিভাশালী শেখৰ সুমনে জুলফিকাৰৰ চৰিত্ৰত অভিনয় কৰিছে।