ডিজিটেল ডেস্ক: ভাৰতৰ সৰ্ববৃহৎ সৌন্দৰ্য্য প্ৰতিযোগিতা ‘ফেমিনা মিছ ইণ্ডিয়া ২০২৪’ৰ বিজয়ীৰ খিতাপ অৰ্জন কৰিছে নিকিতা পোৰৱালে। দেশৰ ২৯ গৰাকী সুন্দৰীক পাছপেলাই খিতাপ নিজৰ নামত কৰিছে সুন্দৰীগৰাকীয়ে। শিৰত মিছ ইণ্ডিয়াৰ মুকুট পিন্ধি সুখী নিকিতা পোৰৱাল৷
সংবাদমাধ্যম আগত কয় যে ‘এয়া কেৱল সুন্দৰীগৰাকীৰ সপোন নহয়, এই সপোনৰ আঁৰত আছে তেওঁৰ লগতে পিতৃ-মাতৃৰ কঠোৰ পৰিশ্ৰম। লগতে কয় ইয়াৰ পূৰ্বে উজ্জয়িনীৰ পৰা কোনোৱে মিছ ইণ্ডিয়াৰ খিতাপ লাভ কৰা নাই। আৰু ইয়াত পৰামৰ্শ দিবলৈও কোনো নাই। কিন্তু, আপুনি এবাৰ সিদ্ধান্ত ল’লে, সকলো পথ মুকলি হয় বুলি মন্তব্য কৰে নিকিতা পোৰৱাল৷
সপোন দেখিলে এই সপোন পূৰণ কৰিব নোৱাৰাৰ নিশ্চয় কোনো কাৰণ নাই ন্জৰ ইচ্ছা শক্তিয়ে মূল৷ আৰু যেতিয়া আপুনি দৃঢ়প্ৰতিজ্ঞ হয় তেতিয়া আপোনাক কোনো শক্তিয়ে বাধা দিব নোৱাৰে বুলি মত প্ৰকাশ কৰে৷
ইয়াৰোপৰি এইবৰ্ষৰ আগষ্ট মাহত ফেমিনা মিছ ইণ্ডিয়া মধ্যপ্ৰদেশৰ খিতাপো লাভ কৰিছিল নিকিতা পোৰৱালে। মিছ ইণ্ডিয়া নিকিতা পোৰৱাল স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে নাটক, চিত্ৰকলা, লিখাৰ প্ৰতিও অনুৰাগ আছে তেওঁঁৰ। নাট্যক্ষেত্ৰত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিছে সুন্দৰীগৰাকীয়ে।
Leave A Comment