ডিজিটেল ডেস্ক: অসমৰ বাবে এক সুখবৰ৷ বৰঝাৰত নিৰ্মাণ হ’ব হায়দৰাবাদতকৈও অত্যাধুনিক ফিল্ম চিটি৷ ১২০টা ভাষাত চিনেমা নিৰ্মাণ কৰিব পৰা আৰু হায়দৰাবাদৰ ফিল্ম চিটিতকৈ অত্যাধুনিক এক ফিল্ম চিটি ভি জি আৰে গুৱাহাটীত নিৰ্মাণ কৰিব।
বুধবাৰে এডভান্টেজ আছাম ২.০৩ অংশগ্ৰহণ কৰি এই কথা প্রকাশ কৰিছে কোম্পানীটোৰ পৰিচালন সঞ্চালকে। এই কোম্পানীটোৱে এ আই সুবিধাযুক্ত অত্যাধুনিক ফিল্ম চিটিখন বৰঝাৰ বিমান বন্দৰৰ সমীপত ৫০০ একৰ মাটিত ২০০০ কোটি টকা ব্যয় সাপেক্ষে স্থাপন কৰিবৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰিছে।
পৰিচালন সঞ্চালকজনে লগতে এই বুলিও কয় যে এই গ্ল'বেল ফিল্ম চিটিখনে ৫-ৰ পৰা ১০ হাজাৰ থলুৱা নিবনুৱাক কর্মসংস্থাপন দিব। আনহাতে, সন্মিলনৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত ৰাজ্যৰ ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত দুর্যোগ ব্যৱস্থাপনা বিভাগ আৰু হায়দৰাবাদৰ জেনেছিছ ইণ্টাৰনেশ্যনেল কৰ্প'ৰেশ্যন লিমিটেডৰ মাজত এখন গুৰুত্বপূর্ণ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।
উৎস- দৈনিক জনমভূমি
Leave A Comment