ডিজিটেল ডেস্কঃ'গোলমাল', 'চুপকে চুপকে'ৰ দৰে ছবিত অভিনয় কৰি দৰ্শকৰ আপোন হৈ পৰা অভিনেতা হৰিশ মাগনৰ মৃত্যু হৈছে। মুম্বাইত অভিনয় শিকোৱাৰ বাবে এটা প্ৰতিষ্ঠান মুকলি কৰি বহুতকে অভিনয়ৰ শিক্ষা দিয়া মাগনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতে বলীউডত শোকৰ ছাঁ পৰিছে।
মৃত্যুৰ সময়ত অভিনেতাগৰাকীৰ বয়স হৈছিল ৭৭ বছৰ বয়স। সোমবাৰে পুৱা তেওঁৰ মৃত্যুৰ খবৰ মুম্বাই চিনে আৰু টিভি শিল্পী সমাজে ঘোষণা কৰে।
হৰিশ মাগনৰ জন্ম মুম্বাইত হৈছিল। পুনেৰ ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ বলীউডত কেৰিয়াৰ আৰম্ভ কৰে। হৰিশ মাগনে ৮০ আৰু ৯০ ৰ দশকৰ বহু ছবিত পাৰ্শ্ব চৰিত্ৰত অভিনয় কৰিছিল। 'গোলমাল', 'চুপকে চুপকে'ৰ উপৰি তেওঁক 'মুকাদ্দৰ কা সিকন্দৰ', 'নমক হালাল', 'শ্বাহেনশ্বাহ'ৰ দৰে ছবিতো দেখা গৈছিল।
হৰিশ মাগনক শেষবাৰৰ বাবে ১৯৯৭ চনৰ ছবি 'উফ ইয়ে মহব্বত'ত দেখা গৈছিল। মুম্বাইৰ জুহুত হৰিশ মাগনে তেওঁৰ অভিনয় প্ৰতিষ্ঠান খুলিছিল। তাতেই তেওঁ অভিনয় শিকাই আছিল।
জানিব পৰা মতে অভিনেতাজন কিছুদিনৰ পৰা অসুস্থ হৈ আছিল। সেয়ে তেওঁক মুম্বাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।চিকিৎসকৰ চেষ্টাৰ পিছতো আজি তেওঁৰ মৃত্যু ঘটে।
Leave A Comment