ডিজিটেল ডেস্ক: দেশত পুনৰ তীব্ৰতৰ হৈ পৰিছে কৃষকৰ আন্দোলন। তেওঁলোকৰ দাবীক লৈ পুনৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কৃষকসকলে। কৃষক সকলৰ নিজৰ অধিকাৰ বিছাৰি আন্দোলনত নামি পৰাত বিখ্যাত সংগীত শিল্পী গুৰু ৰান্ধৱাই কৃষক অন্দোলনৰ প্ৰতি সঁহাৰি জনাই ছচিয়েল মিডিয়াত কৃষকৰ সপক্ষে নিজৰ মত প্ৰকাশ কৰিছিল৷ এতিয়া অন্দোলনৰ প্ৰতি সঁহাৰি জনাই ট্ৰলিঙৰ সন্মুখীন হৈছে শিল্পীগৰকী৷
শিল্পী গৰাকীয়ে ১৬ ডিচেম্বৰত এক্সত এটা পোষ্টত কৃষক সকলক সঁহাৰি জনাই লিখিছে যে দেশৰ প্ৰতি ঘৰলৈ কৃষকে খাদ্য যোগান ধৰে। তেওঁলোকৰ দাবী শুনা উচিত। চৰকাৰী বিষয়াসকলক তেওঁলোকৰ লগত বহি কথা আলোচনা কৰিবলৈ অনুৰোধ জনাই। কিন্তু কৃষকক সমৰ্থন জনাই নেটিজেনৰ ট্ৰলিঙৰ সন্মুখীন হৈছে শিল্পীগৰকী৷
শিল্পীগৰাকীয়ে নেটিজেনৰ ট্ৰলিঙৰ উত্তৰ দি কয় যে তেওঁ নিজেই এটা খেতিয়ক পৰিয়ালৰ পৰা অহা। মাত্ৰ এজন ভাৰতীয় হিচাপে অনুৰোধ কৰিছো।
গুৰু ৰান্ধৱাই আন এক পোষ্ট কৰি সকলোকে একত্ৰিত হ’বলৈ আহ্বান জনায় কয় আহক আমি একত্ৰিত হৈ আমাৰ দেশক সমৰ্থন কৰোঁ। এই মাটি,এই দেশ পৃথিৱীৰ শ্ৰেষ্ঠ দেশ বুলি উল্লেখ কৰে শিল্পীগৰাকীয়ে।
Leave A Comment