comScore
  • শুভ জন্মদিন পাপনঃ জোন হৈ উজলক...সোণ হৈ জিলিকক গানৰ পৃথিৱীত

    মনোৰঞ্জন
    শুভ জন্মদিন পাপনঃ জোন হৈ উজলক...সোণ হৈ জিলিকক গানৰ পৃথিৱীত
    ‘মন মোৰ উৰি গুচি যায়’…সঁচাকৈয়ে যেতিয়া এই দৰদী কণ্ঠ কাণত পৰে মন উৰি গুচি যায় অৰঙে-দৰঙে। তেওঁ যেতিয়া গায় 'সন্ধ্যা যেতিয়া নামে..জিলিমিলাই কাঁচিজোনে…আইলৈ মনত পৰে'….সঁচাকৈয়ে তেতিয়া দূৰণিত থকা সন্তানৰ দুচকুত ভাঁহি উঠে সাদৰী আইৰ মুখনি। এই সুৱদী সুৰীয়া কণ্ঠৰ অধিকাৰী আন কোনো নহয়। তেওঁ অসমী আইৰ সুযোগ্য সন্তান অংগৰাগ মহন্ত। ঘৰুৱা নাম পাপন নামটোৰেহে অংগৰাগ মহন্ত বেছি জনপ্ৰিয়। কিছুমানে তেওঁক দুয়োটা নাম একেলগ কৰি মাতে অংগৰাগ পাপন মহন্ত। অসমত যুৱচামৰ মাজত সৰ্বাধিক জনপ্ৰিয় জুবিন গাৰ্গৰ পাছতেই আহে পাপনৰ নাম। ২০০৪-২০০৫ চনত পাপনৰ কণ্ঠই অসমৰ আকাশে-বতাহে খলকনি তুলিবলৈ সক্ষম হৈছিল। সকলো ব্যগ্ৰ হৈ পৰিল কাৰ এই দৰদী কণ্ঠ। মানুহে গম পালে যে সুৰীয়া খোলা কণ্ঠৰ, ধুনীয়াকৈ গান গোৱা ল'ৰাটো অসমৰ যশস্বী শিল্পী খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ পুত্ৰ। খগেন-অৰ্চনাৰ পুত্ৰ পৰিচয়ৰ পৰিধি ভাঙি পাপনে গঢ়ি তুলিলে সুকীয়া নিজস্ব পৰিচয়। নিজৰ একক সুৰীয়া কণ্ঠৰে অসমতে নহয় মায়ানগৰী মুম্বাইতো প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে শিল্পীগৰাকীয়ে।

    ১৯৭৫ চনৰ ২৪ নৱেম্বৰত গুৱাহাটীত খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ কোলা শুৱনি কৰিছিলেহি পাপনে। আজি ৪৭ বছৰত ভৰি দিলে সকলোৰে মৰমৰ শিল্পীগৰাকীয়ে। অসমীয়া সংগীত জগত তথা বলীউডৰ জনপ্ৰিয় প্লে’ বেক কণ্ঠশিল্পী পাপনৰ জন্মদিনত শুভকামনা জনাইছে অলেখ অনুৰাগীয়ে। পাপন সংগীতৰ এগৰাকী নীৰৱ সাধক। এটি সাংগীতিক পৰিয়ালত জন্ম লোৱা বাবে পাপনৰ তেজতো বৈছিল সংগীতৰ প্ৰৱাহ। তেওঁৰ সংগীতৰ এই যাত্ৰাত তেওঁৰ প্ৰয়াত পিতৃ খগেন মহন্ত আৰু মাতৃ অৰ্চনা মহন্তৰ আছে এক গুৰুত্বপূৰ্ণ অৱদান৷ সংগীতৰ আদিপাঠ পাপনে পিতৃ-মাতৃৰ পৰাই গ্ৰহণ কৰিছিল৷ অসমীয়া আৰু হিন্দী ভাষাৰ উপৰিও বঙালী, তামিল, কানাড়া আদি ভাষাতো তেওঁ সুমধুৰ কণ্ঠ নিগৰাইছে৷ ফ'ক ফিউজন বেণ্ড আৰু ‘দ্য ইষ্ট ইণ্ডিয়া কোম্পানী’ৰ মুখ্য গায়ক আৰু প্ৰতিষ্ঠাপক হৈছে পাপন। তেওঁ বিশেষকৈ অসমীয়া লোক সংগীত জগতত অনন্য আসন লভিবলৈ সক্ষম হৈছে। লোক সংগীতক লৈ তেওঁৰ বহু সপোন আছে আৰু সেই সপোনক তেওঁ সাকাৰো কৰিছে। ভাৰতীয় শাস্ত্ৰীয় আৰু লোক সংগীতেৰে সংগীতৰ প্ৰাৰম্ভিক শিক্ষাৰ আৰম্ভণি ঘটাইছিল কণ্ঠশিল্পীগৰাকীয়ে৷

    তেওঁ প্ৰথমে খোল আৰু তবলা বজাবলৈ শিকিছিল। তাৰপিছত লাহে লাহে গীটাৰ, কীবৰ্ড আৰু হাৰমনিয়ামতো ৰাপ জাগি উঠে অংগৰাগৰ। ‘মন মোৰ উৰি গুচি যায়’, ‘জোনাকে বিচাৰে কি’, ‘জোনাকী ৰাতি’, ‘সন্ধ্যা যেতিয়া নামে’, ‘ভালপাব নাজানিলো’, ‘প্ৰতিদিনে’, ‘উজাই যায় নৈ, ‘পখী পখী মন মোৰ’, ‘এবেলি মোক’, ‘দুপৰৰে ৰ’দালি’, ‘চিনাকি-অচিনাকি’, ‘তোমাৰ কথা ভাবিলেই জানা’, ‘মানেনো কি’ আদি গীতকেইটা পাপনৰ কণ্ঠৰ সৰ্বাধিক জনপ্ৰিয় গান। 

    MTV Coke Studio ত ‘শ্যামৰাই কলিয়া’ আৰু ‘দিনে দিনে’ লোকগীত পৰিৱেশন কৰি তেওঁ শ্ৰোতা-দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল৷ বলীউডলৈ চালে দেখোঁ ‘মোহ মোহ কে ধাগে’, ‘হামনাৱা’, ‘বুলেয়া‘, ‘কৌন মেৰা’, ‘জিয়ে কিঁউ’, ‘কিঁউ না হাম-তুম’ ‘মুঝে কেইচে পাতা না চালা’ আদি জনপ্ৰিয় গীতত কণ্ঠ নিগৰাই বলীউডৰ আগশাৰীৰ প্লে’ বেক ছিংগাৰৰ তালিকাত স্থান দখল কৰিবলৈ সক্ষম হয় এইগৰাকী অসম সন্তানে৷ অংগৰাগ মহন্তই ইতিমধ্যে IIFA Awards, Mirchi Music Awards, GiMA Awards আদি বহুকেইটা ছবি বঁটা লাভ কৰিছে৷ ইয়াৰোপৰি তেওঁ কণ্ঠদান কৰা ‘মোহ মোহ কে ধাগে’ গীতটিয়ে National Film Awards লাভ কৰিবলৈ সক্ষম হয়৷

    গীত গোৱাৰ উপৰিও সামাজিক কাম-কাজতো বিশেষভাৱে জড়িত আছে পাপন৷ পাপনৰ নেতৃত্বত গঢ় লৈ উঠা এটা স্বেচ্ছাসেৱী সংগঠনে প্ৰাথমিকভাৱে পাৰিপাশ্বিক সমস্যাৰ সমস্যাসমূহ সমাধানত গুৰুত্ব দি আহিছে। এই সংগঠনটোৱে প্ৰাকৃতিক দুৰ্যোগৰ সময়তো সহায়ৰ হাত আগবঢ়ায়। আধুনিক বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰি অসমৰ লোক সংগীত ফিউজন ৰূপত উপস্থাপন কৰি শ্ৰোতাৰ মাজত জনপ্ৰিয় হৈ পৰে কণ্ঠশিল্পীগৰাকী। অংগৰাগে অসমৰ লোক সংগীতক ভাৰতৰ বিভিন্ন প্ৰান্তত আৰু ভাৰতৰ বাহিৰতো প্ৰচাৰ আৰু প্ৰসাৰ হোৱাত আগভাগ লৈ আহিছে। অংগৰাগে অসমৰ বাহিৰত,দেশৰ বাহিৰত ‘মেগা মিউজিক নাইট‘ত বিহু, গোৱালপৰীয়া গীতৰ সুৰেৰে মোহাচ্ছন্ন কৰি তোলে ৰাইজক। এই সফলতা অৰ্জন সহজ কথা নহয়। অংগৰাগ মহন্তৰ বাবে এয়া সম্ভৱ হৈছে তেওঁৰ নিৰলস সাধনা, কঠোৰ পৰিশ্ৰম তথা সুপৰিকল্পিত মনোভাৱৰ বাবে।

    অসমৰ চলচ্চিত্ৰ সমালোচক তথা সাংবাদিক উৎপল মেনাই এবাৰ পাপন মহন্তক লৈ পিতৃ খগেন মহন্ত কেনেদৰে আহ্লাদিত হৈছিল সেই সন্দৰ্ভত লিখিছিল- এবাৰ অসমলৈ নাটক কৰিবলৈ আহিছিল বলীউডৰ বিখ্যাত অভিনেতা–নাট্যকাৰ নাছিৰুদ্দিন শ্বাহ। নাছিৰুদ্দিন শ্বাহক ওচৰতে পাই খগেন মহন্তই পৰিচয় দি কৈছিল- ‘মই খগেন মহন্ত।’ কোৱা মাত্ৰকে নাছিৰুদ্দিন শ্বাহে কৈছিল — ‘পাপনৰ পাপা!’

    ‘আপুনি পাপনক জানে?’ আচৰিত হৈ খগেন মহন্তই আনন্দ মনেৰে সুধিছিল। উত্তৰত নাছিৰুদ্দিন শ্বাহে কৈছিল, "জানো। আমি একেলগে এখন চিনেমাৰ কাম কৰাৰ মন আছিল। সময়ত সময় দিব নোৱাৰিলে পাপনে।”
    আপুনি পাপনৰ পাপা বুলিলে যে! — এয়াই মোৰ বাবে গৌৰৱ!”— খগেন মহন্তুই কৈছিল।

    ভাৰত বিখ্যাত অভিনেতা এগৰাকীয়ে পুত্ৰক জানো বুলিছে এগৰাকী পিতৃৰ এয়া নিশ্চয়কৈ গৌৰৱৰ বিষয়।

    সঁচাই এইগৰাকী অসমী আইৰ সুসন্তানক লৈ আমিও গৌৰৱান্বিত। অংগৰাগ পাপন মহন্তৰ সংগীতৰ যাত্ৰা এইদৰে দুৰন্ত হওক…অপ্ৰতিৰোধ্য হওক…জন্মদিনৰ অফুৰন্ত শুভকামনা।

    - কস্তুৰী বৰঠাকুৰ
    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlinesv388sabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388