ডিজিটেল ডেস্কঃ বলীউডত সুযোগ পাবলৈ বহু প্ৰযোজক-পৰিচালকৰ ওচৰত নায়িকাই নিজকে সমৰ্পন কৰিব লাগে বুলি বিভিন্ন সময়ত অভিযোগ উঠি আহিছে৷ এনে সময়তে 'স্ত্ৰী', 'প্ৰেমা কচম' আৰু 'নৰসিংহ নাইডু'ৰ দৰে চলচ্চিত্ৰত অভিনয় কৰা অভিনেত্ৰী ফ্লোৰা চাইনীয়ে এগৰাকী 'বিখ্যাত প্ৰযোজক'ৰ আপত্তিজনক ব্যৱহাৰৰ কথা স্মৰণ কৰিছে৷
অভিনেত্ৰী ফ্লোৰাই কয় যে প্ৰযোজকগৰাকীয়ে তেওঁৰ "গোপনীয় অংগ"ত ঘোৰ মৰাৰ লগতে আৰু "মুখত " ঘোচা মাৰিছিল। অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছিল যে প্ৰযোজক গৌৰং দোশী তেওঁৰ প্ৰাক্তন প্ৰেমিক আছিল৷ দোশীয়ে ১৪ মাহৰ প্ৰেমৰ সম্পৰ্কত তেওঁক শাৰীৰিকভাৱে নিৰ্যাতন চলাইছিল। ফ্লোৰাই ইনষ্টাগ্ৰামত এটা ভিডিঅ' শ্বেয়াৰ কৰি তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে প্ৰকাশ কৰিছে।
২০ বছৰ বয়সৰ পৰাই প্ৰযোজক যোশীৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কৰ বিষয়ে উল্লেখ কৰি ফ্লোৰাই এইদৰে কৈছে: "মই প্ৰেমত পৰিছিলো, তেওঁ এজন বিখ্যাত প্ৰযোজক আছিল। কিন্তু সোনকালেই পৰিস্থিতি সলনি হ'ল। তেওঁ মোক প্ৰায়ে শাৰীৰিক নিৰ্যাতন চলাইছিল৷ মোৰ ফোনটো কাঢ়ি লৈছিল আৰু মোক কাম এৰিবলৈ বাধ্য কৰিছিল। ১৪ মাহ ধৰি, তেওঁ মোক কাৰো সৈতে কথা পাতিবলৈ দিয়া নাছিল। এদিন ধাৰাবাহিকভাবে তেওঁ মোৰ পেটত ঘোচা মাৰিছিল, আৰু মই কিবাকৈ পলাই সাৰিছিলো," ।
ফ্লোৰাই আৰু কয় যে তেওঁ তেওঁৰ মাক-দেউতাকৰ সৈতে থাকিবলৈ ঘৰলৈ উভতি গৈছিল৷ ফ্লোৰাই শৰীৰত যি আঘাত পাইছিল সেয়া আৰোগ্য হ'বলৈ সময় লাগিছিল।
তেওঁ কয় "লাহে লাহে, মই আটাইতকৈ বেছি ভাল পোৱা বস্তুটোলৈ ঘূৰি আহিলো -সেয়া হৈছে অভিনয়। সময় লাগিছিল কিন্তু মই আজি সুখী, মই আনকি প্ৰেমো পাইছো," । ফ্লোৰাই ক্লিপটোৰ শিৰোনাম দিছিল: "জীৱন কেৱল আগলৈ জীয়াই থাকিবলৈ আৰু আপোনাৰ জীৱনৰ কিছুমান ডাঙৰ আশীৰ্বাদ জীৱনে শিকোৱা আটাইতকৈ ডাঙৰ পাঠৰ পিছত আহে... গতিকে কেতিয়াও জীৱনৰ যাদুত বিশ্বাস কৰা বন্ধ নকৰিব আৰু বিশ্বব্ৰহ্মাণ্ডই আপোনাক আচৰিত কৰিব দিব... মই এতিয়াও ফেয়াৰী টেলছত বিশ্বাস কৰো।"
Leave A Comment