• দৈনিক খোৱা-বোৱাৰ নামত কিমান টকা খৰচ কৰে ছলমান খানে?

    মনোৰঞ্জন
    দৈনিক খোৱা-বোৱাৰ নামত কিমান টকা খৰচ কৰে ছলমান খানে?
    ডিজিটেল ডেস্কঃ বলীউডৰ অন্যতম সফল অভিনেতা ছলমান খান। তেওঁৰ কেৰিয়াৰত এতিয়ালৈকে বহু ব্লকবাষ্টাৰ ছবি সংযোজন হৈছে। অভিনয় দক্ষতাৰ উপৰিও ছলমানৰ শাৰীৰিক সৌন্দৰ্য্যৰ বিষয়েও যথেষ্ট আলোচনা হয়। ছলমানৰ শৰীৰৰ ফিটনেছক লৈ বহু মানুহেই ঈৰ্ষা কৰে। নিয়মিত ব্যায়াম আৰু মধ্যমীয়া খাদ্যাভ্যাস তেওঁৰ আকৰ্ষণীয় শৰীৰৰ ৰহস্য।

    শেহতীয়াকৈ ভাৰতীয় সংবাদ মাধ্যমত ছলমানৰ দৈনিক খাদ্য তালিকা সম্পৰ্কে এক প্ৰতিবেদন প্ৰকাশ পাইছিল। ভাৰতীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ছলমানে নিজৰ খাদ্য তালিকাত ভজা-পোৰা বস্তু এৰাই চলে। দিনটো আৰম্ভ কৰে নেমু আৰু মৌ মিশ্ৰিত পানীৰে। ব্ৰেকফাষ্টত উচ্চ কেলৰিযুক্ত খাদ্য খায় য’ত ব্ৰাউন ব্ৰেডৰ সৈতে কমেও চাৰিটা কণী থাকে। দুপৰীয়া দক্ষিণ ভাৰতীয় খাদ্য খাই ভাল পায় ছলমানে। বেছিভাগ সময়তে তেওঁ গ্ৰীল কৰা মাছৰ সৈতে চালাড আৰু সিজোৱা শাক-পাচলি খায়, যিয়ে তেওঁৰ শৰীৰৰ চৰ্বি কমোৱাত সহায় কৰে। 

    তদুপৰি ছলমানে সপ্তাহত কমেও ৪ দিন দুপৰীয়াৰ আহাৰত ফল-মূল খায়। ছলমান খানৰ ৰাতিৰ আহাৰত সদায় চিকেন আৰু চালাড থাকে। লগত থাকে ফলমূল। ছলমানৰ ঘনিষ্ঠ সূত্ৰই ভাৰতীয় সংবাদ মাধ্যমক জনোৱা মতে ছলমানে প্ৰতিদিনে খাদ্যৰ বাবে ৮ হাজাৰ টকা ব্যয় কৰে। তেওঁ বিভিন্ন ধৰণৰ খাদ্যৰ মিশ্ৰণ খায়, যাক তেওঁ ‘মিক্সাৰ’ বুলি কয়। তদুপৰি ছলমানে ভাৰতীয় ষ্টাইলৰ বিৰিয়ানী খুব ভাল পায়।