comScore
  • দ্বিতীয় বাৰলৈ বিয়া পাতিব হৃত্বিক ৰোশনে! ছাবা আজাদেই হ’ব নেকি কইনা?

    মনোৰঞ্জন
    দ্বিতীয় বাৰলৈ বিয়া পাতিব হৃত্বিক ৰোশনে! ছাবা আজাদেই হ’ব নেকি কইনা?
    ডিজিটেল ডেস্কঃ হৃত্বিক ৰোশন আৰু ছাবা আজাদৰ প্ৰেমক লৈ প্ৰায়ে চৰ্চা হয়। হৃত্বিকে পত্নী ছুজান খানৰ সৈতে ২০১৪ চনত বিবাহ বিচ্ছেদ কৰে। তেওঁ বৰ্তমান তেওঁতকৈ ১১ বছৰৰ সৰু ছাবা আজাদৰ লগত ডেটিং কৰি আছে। 

    বহু অনুষ্ঠান আৰু পাৰ্টিত ছাবা আৰু হৃত্বিকক একেলগে দেখা যায়। ছ’চিয়েল মিডিয়াত দুয়ো একেলগে ছবি পোষ্ট কৰি থাকে আৰু লগতে একেলগে ছুটীতো যায়। বলীউডত গুণগুণনি উঠিছে যে ছাবা আৰু হৃত্বিকে নিজৰ সম্পৰ্কক পৰৱৰ্তী পৰ্যায়লৈ লৈ যাবলৈ সাজু হৈছে আৰু এই বছৰেই হয়তো দুয়ো বিবাহপাশত আবদ্ধ হ’ব।

    বহু সংবাদ মাধ্যমৰ বাতৰি ওলাইছে যে হৃত্বিক ৰোশনে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’ব পাৰে। বহু বাতৰিত কোৱা হৈছে যে হৃত্বিকে ছাবাক ‘গাৰ্লফ্ৰেণ্ড’ৰ পৰা ‘পত্নী’লৈ উত্তৰণ ঘটাব বিচাৰিছে। হৃত্বিকৰ পৰিয়াল আৰু তেওঁৰ দুই সন্তান এই সিদ্ধান্তত অতি সুখী আৰু তেওঁলোকে অনুভৱ কৰে যে ছাবা আজাদ হৃত্বিকৰ পাৰফেক্ট চইচ।

    হৃত্বিক আৰু ছাবাই আজাদ নিশ্চিতভাৱে বিয়াৰ কথা ভাবিছে যদিও তেওঁলোকে কোনো খৰখেদা কৰা নাই। বছৰৰ শেষত হয়তো দুয়ো বিবাহপাশত আৱদ্ধ হ’ব। তেওঁলোকে বিয়া পতাৰ সিদ্ধান্ত ল’ব তেতিয়া, যেতিয়া তেওঁলোকৰ সকলো কাম শেষ হ’ব আৰু তেওঁলোকে ইজনে সিজনৰ লগত সময় কটাব পাৰিব আৰু দীঘলীয়া ছুটীত যাব পাৰিব। হৃত্বিক আৰু ছাবাই ধুমধামকৈ বিয়া পতাৰ কথা ভবা নাই। তেওঁলোকে বিচাৰে এটা সৰু অনুষ্ঠান য’ত কেৱল তেওঁলোকৰ পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীহে জড়িত হৈ থাকিব।