• ‘মোৰ ভুল হ'ল’-মহাৰাষ্ট্ৰ চাইবাৰ চেলৰ আগত ৰনবীৰ এলাহাবাদিয়াৰ স্বীকাৰোক্তি

    মনোৰঞ্জন
    ‘মোৰ ভুল হ'ল’-মহাৰাষ্ট্ৰ চাইবাৰ চেলৰ আগত ৰনবীৰ এলাহাবাদিয়াৰ স্বীকাৰোক্তি
    ডিজিটেল ডেস্কঃ সময় ৰাইনাৰ শ্ব’ ‘ইণ্ডিয়াজ গট লেটেণ্ট’ত ভাগ লৈ বিপদত পৰিছিল ইউটিউবাৰ ৰণবীৰ এলাহাবাদিয়া। শ্ব’টোত এজন প্ৰতিযোগীক ৰণবীৰে পিতৃ-মাতৃৰ যৌন জীৱনৰ বিষয়ে প্ৰশ্ন কৰিছিল, যাৰ ফলত ইণ্টাৰনেটত হুলস্থুলৰ সৃষ্টি হৈছিল। 

    এই হুলস্থুল ইমানেই বাঢ়ি গ’ল যে জনসাধাৰণৰ লগতে নেতা, ৰাজনীতিবিদ আৰু ধৰ্মীয় সংগঠনেও ইউটিউবাৰগৰাকীৰ বিৰুদ্ধে ওলাই আহিল। বিষয়টো সংসদলৈ যোৱাৰ লগতে দেশৰ বিভিন্ন ৰাজ্যত ৰণবীৰৰ নামত এফআইআৰ পঞ্জীয়ন কৰা হয়।

    দৰাচলতে কালি তদন্তকাৰী বিষয়াৰ আগত দিয়া মন্তব্যত ৰণবীৰ এলাহাবাদিয়াই ভুল স্বীকাৰ কৰিছে। সূত্ৰ অনুসৰি ৰণবীৰে আৰক্ষীক দিয়া বিবৃতিত কয়, মই সময় ৰাইনাৰ বন্ধু। সেইবাবেই মই সেই শ্ব’টোলৈ গৈছিলো। ৰণবীৰে লগতে কয় যে বিতৰ্কৰ সৃষ্টি কৰা লাইনটো কোৱাটো তেওঁৰ ভুল। তেওঁ এই কথা কোৱা উচিত নাছিল।

    আচলতে ৰণবীৰে আৰক্ষীৰ সন্মুখত নিজৰ অপৰাধ স্বীকাৰ কৰি দাবী কৰে যে তেওঁ শ্ব’টোলৈ যাবলৈ কোনো ধৰণৰ ধন লোৱা নাছিল। ৰণবীৰে আৰক্ষীক জনাইছে যে আমি ইউটিউবাৰ আৰু সেইবাবেই বন্ধুত্বৰ বাবে ইজনে সিজনৰ শ্ব’লৈ গৈ থাকোঁ।

    sv388sv388INDOJAWA88mix parlay sbobetcasino onlinesabung ayam onlinesv388sv388judi baccarat onlineagen mix parlaysv388sabung ayam onlinecasino onlinesabung ayamsitus judi baccaratsabung ayam onlineagen live casino onlineagen sabung ayam onlineINDOJAWA88slot zeussv388agen roulette onlinesv388judi baccarat onlineslot thailandsv388live casino onlinesv388live casino onlinemix parlay sbobet casino onlinesanjayausta.comppdb.manurululumpayungrejo.sch.idppdb.manurululumpayungrejo.sch.idppdb.manurululumpayungrejo.sch.idserver thailandrahicare.com