ডিজিটেল ডেস্কঃ কনমেন সুকেশ চন্দ্ৰশেখৰ বিগত দুবছৰ ধৰি আৰ্থিক আত্মসাৎৰ গোচৰত কাৰাগাৰত বন্দী হৈ আছে। বৰ্তমান তেওঁ দিল্লীৰ মণ্ডোলী কাৰাগাৰত ভৰ্তি হৈ আছে। জেলত থকা অৱস্থাত জেকুলিন ফাৰ্ণাণ্ডেজক অহৰহ ভাবুকি দি থাকে। জেকুলিনে আতংকিত হৈ পৰিছে। নিজৰ সুৰক্ষাৰ বাবে চিন্তিত অভিনেত্ৰীগৰাকী।
এইবাৰ তেওঁ সুকেশৰ বিৰুদ্ধে দিল্লী আৰক্ষী আয়ুক্ত সঞ্জয় অৰোৰাৰ ওচৰত লিখিত অভিযোগ দাখিল কৰে। তেওঁৰ অভিযোগৰ ভিত্তিত দিল্লী আৰক্ষীৰ এটা বিশেষ দলেও প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।
শুনা যায় যে ‘কিক’ৰ বিখ্যাত অভিনেত্ৰীগৰাকীয়ে এসময়ত কনমেন সুকেশৰ প্ৰেমত পৰিছিল। সম্পৰ্কৰ সময়ত সুকেশৰ পৰাও তাই লাভ কৰিছিল কেইবাটাও দামী উপহাৰ। সুকেশৰ সৈতে জড়িত থকাৰ বাবেই জেকলিনে কেইবাবাৰো বিতৰ্কৰ সন্মুখীন হৈছে। জালিয়াতিৰ গোচৰৰ তদন্তৰ সময়ত অভিনেত্ৰীগৰাকীয়ে কেইবাবাৰো আদালতত হাজিৰ হ’বলগীয়া হৈছিল। কেৱল সেয়াই নহয়, বিদেশ ভ্ৰমণতো নিষেধাজ্ঞা আৰোপ কৰা হৈছিল অভিনেত্ৰীগৰাকীক।
সেই নিষেধাজ্ঞা যোৱা বছৰ উঠাই লোৱা হৈছিল। জেকলিনে যিমানেই সম্পৰ্কটোক অস্বীকাৰ নকৰক কিয়, সুকেশ কোনো ত্যাগকাৰী নহয়। জেলত বহি থকা অৱস্থাত তেওঁ অভিনেত্ৰীগৰাকীলৈ অহৰহ প্ৰেমৰ চিঠি লিখিছিল। সেই কথাত জেকলিন লাজ পায়। সুকেশৰ প্ৰেম চিঠিবোৰ কেতিয়াবা প্ৰেমৰ শব্দ, কেতিয়াবা ওৰণি লোৱা ভাবুকি। অৱশেষত অভিনেত্ৰীগৰাকীয়ে সুকেশৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ আৰু তেওঁৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দিল্লী আৰক্ষীৰ কাষ চাপিল।
Leave A Comment