ডিজিটেল ডেস্কঃ ৰণবীৰ সিং আৰু আলিয়া ভাটৰ পৰৱৰ্তী ছবি ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী’ অহা ২৮ জুলাইত মুক্তি পাব। আনহাতে ইয়াৰ পূৰ্বে বহু চেলিব্ৰিটী আৰু চলচ্চিত্ৰ জগতৰ সৈতে জড়িত লোক ছবিখনৰ প্ৰিমিয়াৰত উপস্থিত আছিল।
ইতিমধ্যে ছবিখনক লৈ ব্যাপক চৰ্চা চলিছে আৰু ৰণবীৰ আৰু আলিয়াৰ অনুৰাগীসকলে ছবিখনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। ইফালে ছবিখনৰ প্ৰিমিয়াৰত উপনীত হোৱা প্ৰবীণ অভিনেত্ৰী জয়া বচ্চনে পাপাৰাজীৰ ওপৰত ইমানেই খং কৰে যে এতিয়া ইয়াৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
আচলতে জয়া বচ্চনেও ছবিখনত কাম কৰিছে আৰু তেওঁ পুত্ৰ অভিষেক বচ্চনৰ সৈতে ছবিৰ প্ৰিমিয়াৰ শ্ব’ চাবলৈ আহিছিল। অভিনেত্ৰীগৰাকীক দেখি বাহিৰত থিয় হৈ থকা পাপাৰাজীয়ে তেওঁৰ নাম চিঞৰিবলৈ ধৰিলে। পাপৰাজীয়ে বাৰে বাৰে ছবি ক্লিক কৰিবলৈ জয়া বচ্চনৰ নাম লৈ আছিল। এই কথাত বিৰক্ত হৈ জয়া বচ্চনে পাপাৰাজীক ক’লে, ‘মই বধিৰ নহয়’।
ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে জয়া বচ্চনে পাছ পৰি থকা অভিষেকৰ বাবে অপেক্ষা কৰিবলৈ ৰৈ থকাৰ বিপৰীতে ইয়াৰ মাজতে থিয় হৈ থকা পাপাৰাজীসকলে অনবৰতে তেওঁৰ নাম লৈ ফটোৰ বাবে অনুৰোধ কৰা দেখা যায়। ইয়াৰ পিছত জয়া বচ্চনে খঙেৰে কয়, ‘মই বধিৰ নহয়, ভালকৈ শুনিব পাৰো’।কিন্তু ইয়াৰ পিছত অভিষেকেও হাতখন আগবঢ়াই দিয়ে আৰু দুয়ো ছবি ক্লিক নকৰাকৈয়ে দ্ৰুতগতিত আগবাঢ়ি যায়।
আনহাতে এই ছবিখনৰ কথা ক’বলৈ গ’লে অহা ২৮ জুলাইত মুক্তি পাবলৈ গৈ আছে ‘ৰকি এণ্ড ৰাণী কি প্ৰেম কাহানী’। ছবিখনত ৰণবীৰ সিং আৰু আলিয়া ভাটৰ উপৰিও ধৰ্মেন্দ্ৰ, শ্বাবানা আজমী, জয়া বচ্চনৰ দৰে প্ৰবীণ অভিনেতাকো দেখা যাব। অনুৰাগীসকলে ছবিখনৰ ট্ৰেইলাৰটো যথেষ্ট ভাল পাইছে। এনে পৰিস্থিতিত ছবিখনে ছবিগৃহত কেনে প্ৰদৰ্শন আগবঢ়াই সেয়া লক্ষণীয় হ’ব।
Leave A Comment