ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱট সামাজিক মাধ্যমলৈ উভতি অহাৰ পিছতে ফুটাই গৈছে ইটোৰ পিছত সিটোকৈ বোমা।কেতিয়াবা কংগনাৰ লক্ষ্য হৈ পৰিছে বলীউডৰ 'চলচ্চিত্ৰ মাফিয়া', কেতিয়াবা আকৌ নায়িকাগৰাকীয়ে জনপ্ৰিয় দম্পতী ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে । দেওবাৰে কংগনাই ৰণবীৰ আৰু আলিয়াক সতৰ্কবাণী জাৰি কৰিছিল। কংগনাই ২৪ ঘণ্টা অতিবাহিত কৰাৰ পিছত বিষয়টোলৈ পুনৰ উভতি আহিছিল।
ৰণবীৰ আৰু আলিয়াই তাইৰ ওপৰত চকু ৰাখিছে বুলি অভিনেত্ৰীগৰাকীয়ে দেওবাৰে তেওঁৰ সামাজিক মাধ্যমত আওপকীয়াকৈ লিখিছিল৷ যদিও কংগনাই বলীউডৰ তাৰকা দম্পতীৰ নাম উল্লেখ কৰা হোৱা নাই, তেওঁৰ লিখনিৰ ভাষাৰ পৰা স্পষ্ট যে ৰণবীৰ-আলিয়াকেই তেওঁ লক্ষ্য হিচাবে বাছি লৈছে। কংগনাই এইবাৰ আন এটা বাৰ্তা প্ৰেৰণ কৰিছে। সতৰ্কবাৰ্তাটোত কংগনাই লিখিছে যে যদি সংশোধন নহয়, তেন্তে তেওঁ ঘৰত প্ৰৱেশ কৰি পিটি থৈ আহিব৷ কিন্তু কংগনাই কাক পিটি থৈ আহিব সেয়া স্পষ্টভাবে কোৱা নাই৷
উল্লেখ্য দেওবাৰে , কংগনাই তেওঁৰ পোষ্টত লিখিছিল, "মই য'লৈকে যাওঁ, কোনোবাই মোক অনুসৰণ কৰি আছে আৰু তেওঁলোকে মোক নিৰীক্ষণ কৰি আছে। কেৱল ৰাস্তাতে নহয়। মোৰ ঘৰৰ পাৰ্কিং , ঘৰৰ চাদ, , সকলো ঠাইতে কোনোবাই মোক নিৰীক্ষণ কৰি আছে। এয়া সকলোৱে জানে যে অভিনেতাসকলেহে পাপাৰাজিক খূৰ দিয়ে। কেৱল সেয়াই নহয়, আজিকালি, অভিনেতাসকলেও তেওঁলোকক ফটো তুলিবলৈ টকা দিয়ে। পুৱা ৬-৩০ বজাত, মই ফটো তুলি আছিলো। তেওঁলোকে মোৰ সময়সূচী কেনেকৈ লাভ কৰিছে? মোৰ ছবিবোৰৰ সৈতে কি কৰা হৈছে? পুৱা, যেতিয়া মই মোৰ নৃত্য পৰিচালনা সমাপ্ত কৰিছিলো আৰু ষ্টুডিঅ'ৰ পৰা ওলাই আছিলো, মই তেওঁলোকৰ বহুতকে বাহিৰত থিয় হৈ থকা দেখিছিলো। কোনেও তেওঁলোকক আগতে কোৱা নাছিল যে মই এই সময়ত ইয়াত থাকিম। তেন্তে তেওঁলোকে কেনেকৈ খবৰটো পালে?"
Leave A Comment